Breaking News

চৰাইদেউৰ কলীয়া মাটিত জল জীৱন মিছনৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
চৰাইদেউৰ কুকুৰা চোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ আধাৰশিলা স্থাপন ৰাজহ মন্ত্ৰী যোগেন মহনৰ ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত কৰণ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে এই আচঁনিৰ কাম । ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত কৰণৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ । সেই উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ শিৱসাগৰৰ নাজিৰা সংমণ্ডলৰ অধীনত চৰাইদেউৰ কুকুৰা চোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে । এই আচঁনিত কলীয়া মাটি অঞ্চলৰ প্ৰায় ১৩৮ ঘৰ লোক উপকৃত হ'ব বুলি জনায় মন্ত্ৰী গৰাকীয়ে । লগতে মন্ত্ৰী গৰাকীয়ে দিনটোত কেইবাখনো আঁচনিৰ কামৰ আধাৰশিলা কৰাৰ কথাও সংবাদ-মাধ্যমৰ জড়িয়তে ৰাইজক জানিবলৈ দিয়ে ৷

No comments