Breaking News

পেঙেৰীৰ ব্যৱসায়ী হিতেশ্বৰ ওৰফে ভাইটি কছাৰীৰ অকাল মৃত্যু



ডিজিটেল সংবাদ, পেঙেৰীঃ পেঙেৰীৰ চাহ বাগিচাত অঘটন। চাহ বাগিছাত কামৰ তদাৰক কৰি থকাৰ সময়য়ে দুৰ্ঘটনাত পতিতত হৈ কৰুণ মৃত্যুক সাৱতিলে ব্যৱসায়ী ভাইটি কছাৰীয়ে । বিধিৰ দুৰ্বিপাক, তলিকবই নোৱাৰা এটা কাণ্ডই নিমিষতে ছাৰখাৰ কৰি পেলালে পেঙেৰীৰ এটা পৰিয়ালৰ। কৰ্মৰত চাহপাত কমল দিয়া  মেচিনৰ প্লেট লাগি মৃত্যু পেঙেৰী নিৱাসী হিতেশ্বৰ ওৰফে ভাইটি কছাৰীৰ । সংকটজনক অৱস্থাত  ততাতৈয়াকৈ তিনিচুকীয়াৰ চিটী হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে কছাৰীয়ে। 

ঘটনা অনসুৰি আজি পুৱা ভাইটি কছাৰীয়ে ৩ নং ডিব্ৰুজানত থকা নিজা চাহ বাগিচাত কলম কটা কাৰ্যৰ তদাৰক কৰি আছিল কছাৰীয়ে।  তেওঁ শ্ৰমিকে কলম কটা ঠাইৰ পৰা প্ৰায় ২০ ফুট আঁ‌তৰত চকী এখনত বহি কাম চাই আছিল। কৰ্মৰত মেচিনৰ সুলকি অহা ক্ষুৰধাৰ ব্লেডে নিমিষতে কছাৰীৰ বুকুত আঘাত কৰে। সংকটজনক অৱস্থাত কছাৰীক ততাতৈয়াকৈ তিনিচুকীয়াৰ চিটী হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে। পাছত তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষা কৰাই মৃতদেহ স্বগৃহলৈ নি সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। 

আনক সহায় কৰি ভাল পোৱা ভাইটি কছাৰীৰ মৃত্যুৰ খবৰে ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ অঞ্চলটোৰ লগতে তিনিচুকীয়া জিলাবাসীক। 


No comments