Breaking News

অসমীয়াৰ আৱেগ গামোচাই লাভ কৰিলে GI টেগ

 


ডিজিটেল ডেস্কঃ 
আমি অসমীয়া গামোচা বুলি সাংস্কৃতিক আৰু ধৰ্মীয় কামত ব্যৱহাৰ কৰা ৰঙা ফুল, ৰঙা পাৰি দিয়া  বস্ত্ৰখনে G I টেগ পাইছে! এই প্ৰক্ৰিয়াত বহুতো সংস্থা, সংগঠন,শিক্ষানুষ্ঠান জঢ়িত হৈ আছে।সকলোৱেই ধন্যবাদৰ পাত্ৰ।এইয়া আমাৰ নতুন পৰিচয়।এখন ঠাইৰ ভৌগোলিক অবস্থিতি সূত্ৰে যদি কোনো বিশেষ সামগ্ৰী উৎপাদিত হয় আৰু তেনে উৎপাদিত সামগ্ৰীৰ গুণগত মানদণ্ড আন ঠাইত উৎপাদিত একে ধৰণৰ সামগ্ৰীতকৈ বিশেষ ভাৱে উৎকৃষ্ট  আৰু পৃথক হয় তেনে সামগ্ৰী বা উৎপাদিত বস্তুক কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে Geographical Indications (Registration and Protection)Act,1999ৰ অধীনত GI tag প্ৰদান কৰে যাতে কোনো অসাধু ব্যবসায়ীয়ে তেনে উৎপাদিত সামগ্ৰী নকল কৰি তথা গুণাগুণ নষ্ট কৰি বজাৰ দখল কৰিব নোৱাৰে। GI tag পোৱা অসমৰ সামগ্ৰী সমূহ হল মুগা চিল্ক,আছাম অৰ্থদক্স টি, কাৰ্বি আংলং  আদা, তেজপুৰৰ লিচু,জহা চাউল, বোকা চাউল,কাজি নেমু, চকোৱা চাউল আৰু শেহতীয়াকৈ GI tag প্ৰদান কৰা হয় অসমৰ স্বাভিমান গামোচাক।

No comments