Breaking News

চিৰাঙৰ বিজনীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান।


ডিজিটেল সংবাদ , চিৰাংঃ
 চিৰাঙৰ বিজনীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান। এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰা ই-ৰিক্সা চালক ছাহজাহান আলীক চাৰি বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে। যদি জৰিমণা আদায় নকৰে তেন্তে অতিৰিক্ত চাৰি মাহ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে। ন্যায়াধীশ ইউচুপ আজাজৰ আদালতে মঙ্গলবাৰে পক্স আইনৰ আধাৰত ৮ চেকচনৰ ভিত্তিত এই ৰায়দান প্ৰদান কৰা হয়।উল্লেখ্য যোৱা ২১ এপ্ৰিলত ঘৰৰ পিছফালে ছাগলী এৰিবলৈ যোৱাৰ সময়ত ই-ৰিক্সা চালক ছাহজাহান আলীয়ে নাবালিকা ছাত্ৰী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় । ছাত্ৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ৰাইজে ধৰ্ষণকাৰী ছাহজাহান আলীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।পিছত আৰক্ষীয়ে বিজনী থানাত ৬৩/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।


No comments