Breaking News

গেং অব ডেভিলচ'ৰ আতংক মাৰ নৌ যাওঁতে আজি আকৌ সংগঠিত হয় আন এক শিহৰণকাৰী দুৰ্ঘটনা।


ডিজিটেল সংবাদ , ধুবুৰীঃ
 গেং অব ডেভিলচ'ৰ আতংক মাৰ নৌ যাওঁতে আজি আকৌ সংগঠিত হয় আন এক  শিহৰণকাৰী দুৰ্ঘটনা। এই বাৰ দুৰ্ঘটনাৰ স্থান হল ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত সুপাৰীঘাট ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ ওপৰত  আৰ ,ৱান, ৫ ৰ এ এছ, ১৭ এম, ১৭১৮নম্বৰ বিলাসী বাইক আৰু এ এছ, ২৬ চি, ২৯০৪ নম্বৰৰ ডাম্পাৰৰ মাজত  মুখামুখি সংঘৰ্ষ সংঘটিত হয়   ডাম্পাৰ খনৰে  সংঘটিত হোৱা দুৰ্ঘটনাটোত বাইক আৰোহী  জন তিথাতে  মৃত্যু বৰণ কৰে।বহু সময় লৈকে পথৰ ওপৰতে পৰি থাকে অচিনাক্ত বাইক আৰোহীজন । দুৰ্ঘটনাটোত বিলাসী বাইকখনো চুৰ্ণ বিচুৰ্ণ হৈ পথৰ ওপৰতে ছেদেলি ভেদেলি  হৈ পৰি থাকে। উল্লেখ্য যে, সম্প্ৰতি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন উপ পথ সমুহত ডাম্পাৰৰ লগতে ষ্টেণ্ট কৰাৰ নামত তীব্ৰবেগত বাইক চলাই সাধাৰণ পথচাৰীৰ  বাবে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। এনে সময়তে গেং অব ডেলিচ'ৰ আতংক , আজি আকৌ বিলাসী বাইক আৰু ডাম্পাৰৰ সংঘৰ্ষত এজনৰ অপমৃত্যু বাতৰিয়ে জিলাখনত চৰ্চাৰ বিষয়হৈ পৰিছে। 

No comments