Breaking News

প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি বিদ্যুৎ মাচুল


 ডিজিটেল ডেস্ক: 
মুখ্যমন্ত্ৰী হস্তক্ষেপমৰ্মে অসম বিদ্যুৎ বিতৰন কোম্পানীয়ে ৰ্বধিত বিদ্যুৎৰ মাচুল প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিলেও কোম্পানীটোৱে গোপনে পুনৰ মাচুল বৃদ্ধিৰে ৰাইজক মাধমাৰ দিব ওলাইছে।অসম বিদ্যুৎ কোম্পানীয়ে যোৱা ২৫ নৱেম্বৰত ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত হোৱা খৰচৰ জোৰা মৰাৰ বাবে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ প‌ইচালৈ বৃদ্ধি কৰিছিল পিছে এনে কাৰ্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাৰ হস্তক্ষেপত কোম্পানীটোৱে এদিন পিছতে বৰ্ধিত বিদ্যুৎ মাচুল প্ৰত্যাহাৰ কৰে।কিন্তু সেই একেটা কোম্পানীয়ে যোৱা ৯ডিচেম্বৰ গোপনে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৩০পইচাকৈ বৃদ্ধি কৰি এক জাননী জাৰি কৰে।ইফালে ২৫নৱেম্বৰত এ পি ডি চি এলে যি ৭৯ পইচা বিদ্যুৎ মাচুল বৃদ্ধি কৰিছিল  সেইয়া মাত্ৰ তিনিমাহৰ বাবে বৃদ্ধি কৰা বুলি ঘোষণা কৰিছিল ।কিন্তু কোম্পানীটোৱে যি ৩০ পইচা বৃদ্ধি কৰিছে সেইয়া কেতিয়ালৈ দিব লাগিব তাত উল্লেখ কৰা নাই।

No comments