Breaking News

নলবাৰীত লাচিত দিৱস সন্দৰ্ভত বক্তৃতা অনুষ্ঠান।


ডিজিটেল সংবাদ, নলবাৰী: 
বিজেপি নলবাৰী জিলা কাৰ্যালয়ত  ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদৰ সভাপতিত্বত "বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে" আৰু কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ আঁচনি সমূহৰ ওপৰত এখনি বক্তৃতা অনুষ্ঠান ৰ আয়োজন কৰা হয়। অনুস্তানত সংখ্যালঘু ৰাইজে চৰকাৰী আচনি সমূহৰ পৰা কি দৰে লাভা লাভ কৰিছে সেই বিষয়ে  বক্তিৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই বক্তিতা অনুষ্ঠানত ভাগ লয় মণ্ডল সমূহৰ পৰা নিৰ্বাচিত হৈ অহা সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া সকল। নিৰ্বাচিত প্ৰতিনিধি সকলে  "বীৰ লাচিত বৰফুকন"ৰ জীৱনীৰ ওপৰত আৰু চৰকাৰী আচনিৰ বিষয়ে বক্তব্য দাঙি ধৰে।এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সাধাৰন সম্পাদক তথা নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰভাৰি মোস্তাক‌উদ্দিন আহমেদ, বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা° মৃগাংগ তালুকদাৰ, বিজেপি নলবাৰী জিলা সমিতিৰ সাধাৰন সম্পাদক শ্ৰীযুত পুলক কুমাৰ শৰ্মা, ৰাজ্যিক বিজেপি সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যমৰ আহ্বায়ক তফাজুল আলী ৰ লগতে জিলা আৰু মণ্ডল সমিতি সমূহৰ কাৰ্যকত্তা সকল।


No comments