Breaking News

শিৱসাগৰৰ গৌৰীসাগৰ আৰক্ষী থানাৰ চৌপাশ এতিয়া মনোমোহা পৰিবেশ হৈ পৰিছে জাকত জিলিকা,

 


ডিজিটেল সংবাদ, শিৱসাগৰ: আৰক্ষী আৰু সাধাৰণ ৰাইজৰ সৈতে গঢ়ি উঠিছে এটা মধুৰ সম্পৰ্ক মানুহৰ ঘৰ নতুবা কোনো উদ্যান নহয় । এখন আৰক্ষী থানাৰ চৌপাশ এয়া । হয়, শিৱসাগৰৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰ আৰক্ষী থানাৰ চৌপাশ এতিয়া মনোমোহা । বিভিন্ন প্ৰজাতিৰ ফুল ৰূপণ কৰি থানাৰ চৌপাশ সজাই তুলা হৈছে ।থানাৰ পৰিবেশ হৈ পৰিছে জাকত জিলিকা । এক কথাত কবলৈ গ'লে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত দুৱৰীয়ে কৰ্তব্যৰত থানা খনৰ পৰিবেশ চাফ চিকুণকৈ ৰাখি উদ্যান সদৃশ পৰিবেশলৈ ৰূপান্তৰ কৰি আৰক্ষী আৰু সাধাৰণ ৰাইজৰ সৈতে এটা মধুৰ সম্পৰ্ক গঢ়ি তুলাৰ চেষ্টা কৰিছে । সমাজত শান্তি প্ৰতিষ্ঠা কৰি আইন শৃংখলা বজাই ৰখোৱাৰ ক্ষেত্ৰটো সবল ভুমিকা গ্ৰহণ কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে । বিশ্বজিত দুৱৰীৰ কাৰ্যত সন্তষ্টি প্ৰকাশ কৰিলে স্থানীয় ৰাইজেও । গৌৰীসাগৰ থানাৰ পৰিবেশক এক নতুন মাত্ৰা যোগাইছে অসম আৰক্ষীৰ এই বিষয়া গৰাকীয়ে । বিশ্বজিত দুৱৰী হৈ পৰক সকলোৰে আদৰ্শ স্বৰূপ ।


No comments