Breaking News

বিগত তিনি বছৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক কঠোৰ সকীয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ



 ডিজিটেল ডেষ্ক...বশিষ্ঠস্থিত'অসম জল ভৱনত' বৃহস্পতি বাৰে জলসম্পদ বিভাগৰ এক পৰ্যালোচনা বিগত তিনি বছৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক কঠোৰ সকীয়নি মন্ত্ৰীপীযুষ হাজৰিকাৰ...হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা বিগত সময়ত বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বিভিন্ন কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়,এই বৈঠকতে বিভাগত দুই এটা কাম তিনি বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ চলি থকা বুলি জানিব পাৰি মন্ত্ৰী গৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰাএই বিষয়ে বুজ লয়বিশেষ কৈ বিভাগৰ অধীনত কাম কৰি থকা ঠিকাদাৰ সকলো উপস্থিত থকা পয্যা লোচনাত বৈঠকত মন্ত্ৰী গৰাকীয়ে সময় মতে কাম শেষ কৰিব নোৱাৰা ঠিকাদাৰ ৰ প্ৰতি বিভাগীয়ভাৱে কঠোৰ হোৱাৰ উপৰত গুৰুত্ব প্ৰদান কৰে ।মন্ত্ৰী গৰাকীয়ে কয় যে ঠিকাদাৰে সময় মতে কাম কৰক নহলে বিদায় লওক।নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক অতিৰিক্ত সময় দিয়াৰ ক্ষেত্ৰত বিশ্বাস যোগ্য কাৰণ নথাকিলে জবাব দিহী কৰিবলৈ মন্ত্ৰী হাজৰিকাই নিৰ্দেশ দিয়ে,বিগত তিনি বছৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰে পুনৰ বিভাগ টোত কাম  কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিবৰ বাবে  নিৰ্দেশ দিয়ে লগতে মুখ্য অভিযন্তাক  বিভাগটোত চলি থকা কাম সমূহ উন্নতিৰ বাবে মাজে মাজে পৰ্য্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে ,কিয়নো জলসম্পদ বিভাগৰ কামসমূহ সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰিলে বাৰিষাৰ সময়ত সাধাৰণ ৰাইজ সকল সমস্যাত পৰে বুলি উল্লেখ কৰি হাজৰিকাই বান আৰু স্থায়ী কামসমূহ সময় মতে কৰি শেষ কৰিবলৈ আহ্বান জনায় আৰু বিভাগটোক সময় সীমা মানি কামসমূহ নিয়াৰিকৈ চলাই নিবলৈ নিৰ্দেশ দিয়ে...

No comments