Breaking News

মোককচাঙত ধাৰাসাৰ গুলীৰ্বষণ


ডিজিটেল ডেস্ক: 
মোককচাঙ জিলাৰ খাৰ গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া দুটা ৰাজনৈতিক দলৰ মাজত ভংয়কৰ গুলিয়াগুলী হয়।প্ৰথমে দুয়োপক্ষই শিলগুটি নিক্ষেপ কৰিছিল ।কিন্তু পিছত ঘটনাই গুলীৰ্বষণৰ ৰূপ লয়।জানিব পৰা মতে এই ঘটনাত ২৪ জন লোক আহত হয় ।তেওঁলোকক মোককচাঙৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ইফালে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰ চিকিৎসালয়লৈ প্ৰেৰন কৰে ।এই ঘটনা সংঘটিত হোৱাৰ ফলত খাৰ গাঁৱৰ পথৰ কাষত বহু বাসগৃহৰ দৰ্জা খিৰিকি আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে এক ডৰ্জন  বাহন ক্ষতিগ্ৰস্ত হয়।ঘটনাৰ পিছতে মোককচাঙ আৰক্ষী উপস্থিত হয়।আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৪৮ ঘণ্টাৰ বাবে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰে ।

No comments