Breaking News

৪.১২ লাখ পথ দুৰ্ঘটনাত ১.৭৩ লাখ লোকৰ মৃত্যু হয়।

 


ডিজিটেল ডেষ্ক...ভাৰতত মুঠ ২০২১ চনত মুঠ ৪.১২লাখ পথ দুৰ্ঘটনাত ১.৭৩ লাখ লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে এই কথা জানিব পৰা গৈছে ,প্ৰতিবেদন অনুসৰি ২০২১ চনত মুঠ ৪,১২ ,৪৩২ টা পথ দুৰ্ঘটনা সংঘটিত হয়, ইয়াত ১,৫৩,৯৭২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩,৮৪,৪৪৮ লোক আহত হয়,প্ৰতিবেদন অনুসৰি ভাৰতত পথ দুৰ্ঘটনাৰ সংখ্যা  ২০১৯ বৰ্ষৰ তুলনাত যোৱা বছৰ ৮.১ শতাংশ হ্ৰাস পাইছে ইফালে আহতৰ সংখ্যা ১৮.৮শতাংশ হ্ৰাস পাইছে কিন্তু ২০১৯বৰ্ষৰ তুলনাত যোৱা বছৰ মৃত্যু হোৱা লোকৰ সংখ্যা ১.৯ শতাংশ বৃদ্ধি পাইছে।অন্যহাতে ২০২০ বৰ্ষত দেশত পথ দুৰ্ঘটনাৰ লগতে ইয়াত হতাহত হোৱা লোকৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট পৰিমাণে হ্ৰাস পায় লগতেছিট বেল্ট নমৰাৰ ২০২১ চনত পথ দুৰ্ঘটনাত ১৬,৩৯৭ জন লোকে প্ৰাণ হেৰুৱায় এইকথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে ,ইয়াৰে ৮,৪৩৮ জন বাহনৰ চালক আৰু বাকী ৭,৯৫৯ জন যাত্ৰী আছিল।

No comments