Breaking News

২০২৩ বৰ্ষৰ শিল্পী সাধনা বঁটা প্ৰদান কৰিব যশস্বী অভিনেত্রী চেতনা দাসক।


 ডিজিটেল ডেস্ক: অহা ৯জানুৱাৰীত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ষষ্ঠ বার্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস  গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত, গুৱাহাটী প্ৰেছ ক্লাব, আমবাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে দ্বিতীয়বাৰৰ বাবে ঘোষণা কৰিছে শিল্পী বঁটা। উক্ত বঁটাৰ বাবে সংগঠনটোৱে নিৰ্বাচন কৰিছে যশস্বী অভিনেত্রী চেতনা দাসক। সেইদিনা বিয়লি অনুষ্ঠিত হ'ব লগা মুকলি সভাত বিশিষ্ট অভিনেত্রী চেতনা দাসক ২০২৩ বৰ্ষৰ শিল্পী সাধনা বঁটা প্ৰদান কৰিব বুলি সংগঠনটোৰ কেন্দ্রীয় সভাপতি ৰমেন চৌধুৰী আৰু সাধাৰণ সম্পাদক সন্দিপ প্ৰসাদ নেওগে এক বিবৃতিযোগে জানিবলৈ দিছে।

No comments