Breaking News

উজবেকিস্তানত ভাৰতত তৈয়াৰ কৰা কাহঁৰ ঔষধৰ মৃত্যুৰ কিৰিলি।

 


ডিজিটেল ডেস্ক: গাম্বিয়াৰ পিছতে এইবাৰ আকৌ উজবেকিস্তানত ভাৰতত তৈয়াৰ কৰা কাহঁৰ ঔষধৰ মৃত্যুৰ কিৰিলি। ভাৰতীয় ঔষধ নির্মাতা কোম্পানীয়ে তৈয়াৰ কৰা কাহঁৰ ঔষধ সেৱন কৰি ১৮ টাকৈ শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে উজবেকিস্তান চৰকাৰে। ভাৰতৰ ঔষধ কোম্পানী মেৰিয়ান বায় টেকে তৈয়াৰ  কৰা “ডক-১ মেক্স' ঔষধ সেৱন কৰি ১৮ টাকৈ শিশুৰ মৃত্যু হোৱাৰ তথ্য  পোহৰলৈ অহাৰ পিছতে আৰম্ভ হৈছে তদন্ত । উল্লেখ্য যে ২০১২ চনত উজবেকিস্তানৰ বজাৰত প্ৰৱেশ কৰিছিল এই ঔষধ কোম্পানীটোৱে। এই বিষয়ে উজবেকিস্তানৰ বিস্ফোৰক অভিযোগৰ পিছতে তদন্তত সহায় কৰিবলৈ আগবাঢ়ি আহিছে  বিশ্ব স্বাস্থ্য সংস্থা। উল্লেখ্য যে ইয়াৰ আগতেও আফ্রিকান দেশ গাম্বিয়াতো চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰতত নিৰ্মিত কাহঁৰ ঔষধ সেৱন কৰি ৬০ৰো অধিক শিশুৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰিছিল যদিও এতিয়ালৈকে ভাৰতীয় কোম্পানীটোৰ এই ঔষধৰ ফলত শিশুকেইটাৰ মৃত্যুৰ কোনো সঠিক নিশ্চয়তা পোৱা নাছিল । ইয়াৰ পিছতে এতিয়া উজবেকিস্তানৰ বিস্ফোৰক একেই অভিযোগ উত্থাপন হোৱাৰ পিছতে দেশত আৰম্ভ হৈছে ৰাজনৈতিক বাক-বিৰ্তক সৃষ্টি হয় কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে এই বিষয়সমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় নেতা গৰাকীয়ে ।কোম্পানীৰ আইনী মুৰব্বী হাছান হৰিছে জানিব দিয়ে যে এই ঔষধ  ৰ্নিমাণ বন্ধ কৰিছে কোম্পানীটোৱে ।

No comments