Breaking News

তামুলপুৰৰ কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুঁটা স্থাপন।

 



 ডিজিটেল সংবাদ, তামুলপুৰ: তামুলপুৰ জিলাৰ অন্তৰ্গত ঐতিহাসিক কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ আজি লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানটোত ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি তথা বিটিআৰৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ লগতে উদযাপন সমিতিৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখ্য যে-- অহা ১৫, ১৬ আৰু ১৭ জানুৱাৰীত নানা জাতি জনগোষ্ঠীৰ মিলন ভূমি কচুকাটাৰ ৰাজহুৱা খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহ। উক্ত তিনিও দিনৰ বৰ্ণিল কাৰ্যসূচীত তেওঁলোকে সকলো ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা কামনা কৰিছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।


No comments