Breaking News

অসম সাহিত্য সভাৰ কার্যালয়ে কার্যালয়ে বিদ্যুৎ কর্তন..৫০ লাখটকীয়া প্রকল্পক লৈ মৌনতা অৱলম্বন প্রধান সম্পাদকৰ..


ডিজিটেল ডেস্ক...অসম সাহিত্য সভাৰ কার্যালয়ে কার্যালয়ে বিদ্যুৎ কর্তন..৫০ লাখটকীয়া প্রকল্পক লৈ মৌনতা অৱলম্বন প্রধান সম্পাদকৰ...শতবৰ্ষ ভৰি দিয়া অনুষ্ঠানটোৰ ভিন্ন কার্যালয়ে কার্যালয়ে দীর্ঘদিন ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবে  শক্তি বিভাগে বহুকেইটা কার্যালয়ত কৰ্তন কৰিছে বিদ্যুৎ সংযোগ। গুৱাহাটীৰ প্ৰশাসনিক কার্যালয়ক বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ এদিনৰ বাবে সময় সীমা নিৰ্ধাৰণ কৰি দিছে বিভাগীয় কর্তৃপক্ষই। মহানগৰীৰ চচলত থকা কার্যালয়ে কার্যালয়ে বিদ্যুৎ কর্তন.. উল্লেখ্য যে ইয়াৰ পূর্বেও সভাৰ ডিব্ৰুগড় কাৰ্যালয়কে ধৰি কেইবাটাও কাৰ্যালয়ৰ বিদ্যুৎ কর্তন কৰিছিল শক্তি বিভাগে। সভাৰ প্ৰায়ভাগ কার্যালয়ে মাহৰ পাচত মাহ ধৰি বিদ্যুৎ মাচুল পৰিশোধ কৰা নাই। যাৰ ফলত শক্তি বিভাগে এতিয়া সাহিত্য সভাৰ কৰ্মচাৰীয়ে কার্যালয়ে কার্যালয়ে বিদ্যুৎ কৰ্তনৰ অভিযান চলাইছে।এফালে সভাৰ কাৰ্যালয়সমূহে হেজাৰ হেজাৰ টকাৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিব পৰা নাই আৰু আনফালে বিগত ছমাহে সভাৰ কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা লাভ কৰা নাই। দৰমহা লাভৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে যোৱা ৮ দিন ধৰি সভাৰ যোৰহাট, গুৱাহাটীৰ লগতে ডিব্ৰুগড়, ডিফু, নগাঁও, শিলচৰ, মঙলদৈ, লখিমপুৰ, বাক্সা আৰু ধুবুৰী কাৰ্যালয় তলা বন্ধ কৰি ৰাখিছে। সভাৰ এই ১০ কাৰ্যালয়ত আনকি সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদককে ধৰি প্ৰতিগৰাকী বিষয়াক যোৱা এসপ্তাহতকৈ অধিক সময় ধৰি কৰ্মচাৰীসকলে প্ৰৱেশ কৰিবলৈ দিয়া নাই।  বিষয়া-কৰ্মীসকলৰ গাত কথা নলগা স্বভাৱে স্বাভাৱিকতে লজ্জানত কৰিছে সচেতন মহলক । ইফালে দীৰ্ঘদিন ধৰি প্ৰশাসনিক কার্যালয়ত প্ৰৱেশ কৰিব নোৱৰাৰ বাবে এইবাৰৰ পূৰ্ণাংগ কার্যনির্বাহকত প্রধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই সঠিকভাৱে হিচাপ দাখিল কৰিব নোৱাৰিলে। আনকি সভাৰ নাঅনুবাদ প্ৰকল্পৰ ৫০ লাখ টকাৰ খৰচ সন্দৰ্ভত প্রধান সম্পাদকগৰাকীৰ মৌন ভূমিকাক লৈ উত্তপ্ত হৈ পৰিছিল নলবাৰীৰ শেহতীয়া কাৰ্যনিৰ্বাহক। কেবল ইমানেই নহয়, যোৱা ২৪ ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত এই পূর্ণাংগ কাৰ্যনিৰ্বাহকত শোণিতপুৰৰ শতবৰ্ষ শুভাৰম্ভণী অনুষ্ঠান (২০১৬), শিৱসাগৰৰ শতবর্ষ অধিবেশন (২০১৭), গোলাঘাটৰ প্ৰতিষ্ঠা দিৱসৰ (২০২১) লগতে কাৰ্বি আংলঙত অনুষ্ঠিত সভাৰ সমন্বয় উৎসৱ (২০২২) হিচাপে দাখিলৰ পৰা বিৰত থাকে প্রধান সম্পাদক যাদৱ চন্দ্র শর্মা। সভাৰ সংবিধান অনুসৰি যিসকল লোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠানৰ হিচাপ দাখিলত ব্যৰ্থ হয়, তেনে লোকক পৰৱৰ্তী সময়ত সভাৰ কোনো পদত ৰাখিব নোৱাৰে। 

No comments