Breaking News

শিৱসাগৰৰ নাজিৰা শিমলুগুৰিত অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

 


ডিজিটেল সংবাদ, শিৱসাগৰ: অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত নাজিৰাৰ শিমলুগুৰি আঞ্চলিক প্ৰতিবন্ধী সমিতি আৰু কৃষ্ণাজ্যোতি আত্মসহায়ক গোটৰ সহযোগত দ্বি-বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে  শিমলুগুৰি নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় । উদযাপন দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ সভাপতি প্ৰাঞ্জল শইকীয়াই, বৃক্ষৰোপণ কৰে কাৰ্যকৰী সভাপতি ৰিপনজ্যোতি কোঁৱৰে, বন্তি প্ৰজ্বলন কৰে উপ-সভাপতি বিপুল চৌধুৰীয়ে, প্ৰতিবন্ধী যুৱক যুৱতীসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠান উদ্বোধন কৰে  অঞ্জলি পানীফুকনে । প্ৰীতি বৰুৱাই সভাপতিত্ব কৰা মুকলি সভাত অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সম্পাদক আছজাদ আহমদ মদনী, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অৰিন্দম শইকীয়া, যুটীয়া সম্পাদক অজয় বুঢ়াগোহাঁই, জিতুকণ গগৈ, চ্যু কা ফা একাডেমীৰ অধ্যাপক মুনিন্দ্ৰ লাহনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেইবাগৰাকী স্থানীয় শিল্পীয়ে নৃত্য গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৰ্ধন কৰে ।


No comments