Breaking News

অসমৰ পৰা বহি:ৰাজ্যলৈ ২০০৬চনৰ পৰা ১৪২ টা হাতী প্ৰেৰণ।

 


ডিজিটেল ডেস্ক: 
তামিলনাডুত অসমৰ জয়মালাৰ ৰ্নিযাতন আৰু অত্যাচাৰ কথা আজিও অসমবাসীয়ে পাহৰা নাই সেইসময়ত অসম চৰকাৰে  জয়মালাক পুনৰ ৰাজ্যলৈ ওভতাই আনিব বুলি প্ৰকৃতি প্ৰেমী ৰাইজে আশা কৰিছিল যদিও আজিলৈ হাতীটো ঘূৰাই ননাত অভিযোগ উঠিছে ।অসমৰ পৰা বহু জীৱ-জন্তু বহি:ৰাজ্যলৈ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত সৰবৰাহ কৰি থকা হৈছে ।আৰু বহু জীৱ-জন্তু পুনৰ অসমলৈ ঘূৰি  নাহে এই অভিযোগ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।অসমৰ পোহনীয়া হাতী বহি:ৰাজ্যলৈ সৰবৰাহ কৰা প্ৰংসগটো বিধানসভা মজিয়াত উপস্থাপন কৰা হৈছিল ।নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিধানসভাৰ তৃতীয় দিনৰ অধিৱেশনত সোধা এক প্ৰশ্নৰ উত্তৰত বন্ধ আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন  পাটোৱাৰীয়ে কয় যে অসমৰ পোহনীয়া হাতীবোৰ বহি:ৰাজ্যলৈ ২-৩ বছৰৰ সময়ৰ বাবেহে নিয়া হয় ৰ্নিদিষ্ট সময়ৰ পিছত হাতীসমূহ পুনৰ সৰবৰাহ বাবে প্ৰধান মুখ্য বন  সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী বিষয়াসকলে আপত্তি বিহীন প্ৰমাণপত্ৰ দিছিল ।২০০৬ চনৰ পৰা বৰ্ত্তমানলৈ অসমৰ পৰা বহি:ৰাজ্যলৈ ৯৭টা পোহনীয়া হাতী  সৰবৰাহ হৈছে ।হাতীবোৰ ওভতাই  আনিবৰ বাবে সময়ে সময়ে পত্ৰ  প্ৰেৰণ কৰা হৈছে মন্ত্ৰী পাটোৱাৰীয়ে দিয়া তথ্য কিমান সত্য সেয়া জানিব পৰা নগ'ল।আৰ. টি. আই ৰ্কমী দিলীপ নাথে সংগ্ৰহ কৰা তথ্য অনুসৰি ২০২০চনৰ ৪ ফেব্ৰুৱাৰীত ডুমডুমা বন প্ৰাধিকাৰী কাৰ্যালয়ে উল্লেখ কৰিছিল যে বাবুলাল নামৰ পোহনীয়া হাতীটো ধৰ্মীয় কামত জগন্নাথ মন্দিৰ আহমেদাবাদ গুজৰাটলৈ ১১মাহৰ বাবে ২০২০চনৰ নৱেম্বৰলৈহে নিয়া হৈছিল কিন্তু বাবুলালক জগন্নাথ মন্দিৰলৈ লাগে বুলি বন বিভাগৰ কাৰ্যালয়ত গুজৰাটৰ পৰা কোনো বিষয়াই যোগাযোগ কৰা নাছিল ।অসমৰ বহুকেইটা হাতী বহি:ৰাজ্যলৈ ধৰ্মীয় কাৰনত নিয়া হ'ল যদিও আজিলৈ হাতীবোৰ ঘুৰি নহাৰ অভিযোগ উঠিছে ।

No comments