Breaking News

বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু যুৱ মহোৎসৱ সম্পন্ন।


ডিজিটেল সংবাদ, নলবাৰীঃ
 বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু যুৱ মহোৎসৱ সম্পন্ন। বৰক্ষেত্ৰী অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত যোৱা ৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু যুৱ মহোৎসৱ।  বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু যুৱ মহোৎসৱৰ আজি সফল সমাপ্তি হয়। এই সপ্তাহ যোৰা কাৰ্য্যসূচীত বিভিন্ন ধৰণৰ খেল ধেমালি ৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।  সপ্তাহ যোৰা কাৰ্য্যসূচীৰ আজি অন্তিম দিনা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ যি সকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল সেইসকলক পুৰস্কৃত কৰা হয়।আজিৰ এই অন্তিম দিনৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ সেখ মোবাৰক হুছেইন আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সৰুক্ষেত্ৰী বাপুজি কলেজৰ মুৰব্বী অধ্যাপক ডঃ মুনীন শইকীয়া লগতে এই অনুষ্ঠানত বিভিন্ন ধৰণৰ কাৰ্যসূচী পৰিচালনা কৰে হামান আলীকে প্ৰমুখ্যে কৰি বিভিন্ন বিশিষ্ট লোকে।


No comments