Breaking News

"অসম ৰাজ্যিক চিৰিয়াখানা" ৰক্ষাৰ বাবে "চিৰিয়াখানা সুৰক্ষা মঞ্চ" এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।


ডিজিটেল সংবাদ, গুৱাহাটীঃ
 অসম ৰাজ্যিক চিৰিয়াখানাৰক উজ্জীৱিত কৰাৰ সলনি ক্ৰমাৎ নিখকটীয়া কৰাৰহে চৰকাৰীৰ পদক্ষেক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই আয়োজন কৰা ৰাজহুৱা সভাই "অসম ৰাজ্যিক চিৰিয়াখানা" ৰক্ষাৰ বাবে "চিৰিয়াখানা সুৰক্ষা মঞ্চ"ই চলাই অহা আন্দোলন অধিক শক্তিশালী কৰাৰ অৰ্থে শনি বাৰে দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজৰ মাজত এখনি সভা অনুষ্ঠিত হৈ যায়।  কাছাৰিৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত অনুষ্ঠিত সভাখনত ভালেসংখ্যক বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা ব্যক্তি উপস্থিত থাকে । চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি দিলিপ কুমাৰ পাঠক, কাৰ্যকৰী সভাপতি তিলক মহনে পৰিচালনা কৰা সভাখনত উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই। সভাত সক্ৰিয় অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰ, উচ্চ ন্যায়ালয়ৰ অধিবক্তা , সমাজকৰ্মী, শৈতেন্দ্ৰ প্ৰসাদ ডেকা, অজাপৰ বলেন ভৰালী, খিলঞ্জীয়া সুৰক্ষা পৰিষদৰ ৰমেশ মালি, জাতীয়তাবাদী নেতা বিমল প্ৰসাদ চৌধুৰী, চেভ ভৰলুৰ ধ্ৰুৱজ্যোতি শইকীয়া, গৰীয়া জাতীয় পৰিষদৰ জেনিফাৰ হুছেইন, নাচাৰ অন্যতম মুখ্য আহ্বায়ক অনুপ বৰুৱা, জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰদীপ কুমাৰ ভূঞা, বিশিষ্ট পৰিৱেশকৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, পৰিৱেশকৰ্মী দিলীপ নাথ, নিৱনুৱা পৰিষদৰ আইনী উপদেষ্টা নিলমণি হাজৰিকা, গীতাঞ্জলি সোণাৱাল, মুকুত লোচন কলিতা, দিবাকৰ গোস্বামী আদি উপস্থিত থাকে।

No comments