Breaking News

ভাৰতক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিলে পাক মন্ত্ৰী শ্বাজিয়াই



সংবাদ সংস্থা এএনআইৰ মতে, শনিবাৰে বোল নিউজৰ সৈতে এক সংবাদ সন্মিলনত ভাষণ দি পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া মাৰিয়ে কয়, "ভাৰতে পাহৰিব নালাগে যে পাকিস্তানৰ ওচৰত এটা পৰমাণু বোমা আছে। ’আমাৰ পাৰমাণৱিক বোমা সজাই থবৰ বাবে নহয়’...। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীৰ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে ভাৰতে শুকুৰবাৰে পাক এফএমৰ মন্তব্যক 'অসভ্য' বুলি অভিহিত কৰিছিল। 

শাজিয়া মাৰিয়ে বিলাৱাল ভুট্ট'ৰ সমৰ্থনত এখন সংবাদমেল অনুষ্ঠিত কৰি  ভাৰতৰ বিৰুদ্ধে এনে দৰে বিস্ফোৰক ভাষ্য প্ৰদান কৰে। শাজিয়াই ভাৰতক ভাবুকি দি কয় যে যদি মোডী চৰকাৰে যুঁজ দিব, তেন্তে তেওঁ উত্তৰ পাব। পাকিস্তানক দিয়া পাৰমাণৱিক, ৰাষ্ট্ৰৰ মৰ্যাদা নীৰৱ হৈ থাকিবলৈ দিয়া হোৱা নাই। পাকিস্তানেও উত্তৰ দিব জানে। তেওঁ লগতে কয়, "যদি আপুনি বাৰে বাৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকিব, পাকিস্তানে নীৰৱে শুনি থাকিব নোৱাৰে।


No comments