Breaking News

চৰাইদেউৰ টেঙাপুখুৰীত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহনৰ সৈতে আন এখন বাহনৰ সংঘৰ্ষ


ডিজিটেল সংবাদ,শিৱসাগৰ..
চৰাইদেউৰ টেঙাপুখুৰীত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহনৰ সৈতে আন এখন বাহনৰ সংঘৰ্ষ... খাৱৈত বাগৰি পৰা  বাহন এৰি পলায়ন অভিনেত্ৰীৰ, আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে.. চৰাইদেউৰ চুকাফা শ ধোৱা পুখুৰী সমীপৰ টেঙাপুখুৰীত যোৱা নিশা প্ৰায় ১২ মান বজাত অভিনেত্ৰী বৰষা ৰাণী বিষয়া বাহনৰ সৈতে আন এখন বাহনৰ সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে । নিশা অনুষ্ঠান কৰি অহাৰ ক্ষণতে অভিনেত্ৰী বৰষা ৰাণী বিষয়া বাহনে মহতিয়াই নিয়ে অন্য এখন বাহনক । সোণাৰি সাপেখাটীৰ পৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অনুষ্ঠান পৰিৱেশন কৰি নিশা শিৱসাগৰ অভিমুখে আহি থকা অৱস্থাতে এই দুৰ্ঘটনাটো পতিত হয় । ঘটনাস্থলীৰ পৰা নিশাই পলায়ন কৰে অভিনেত্ৰী গৰাকী । যাক লৈ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে । দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত খাৱৈত বাগৰি পৰে এখন বাহন । ইতিমধ্যে টেঙাপুখুৰী আৰক্ষীয়ে AS 01 DR 8911 আৰু AS 04 AB 8061 নম্বৰৰ বাহন দুখনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । লগতে ঘটনাস্থলীৰ পৰা আহত কেইজনমান যুৱকক আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । সন্ধান নাই অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ । যদিও ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানেও জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পাছতহে দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে । 

No comments