Breaking News

নক্সালৰ অভেদ্য ৰ্দুগ ভাঙিলে ২০হেজাৰ কোটি ব্যয়ৰে

 


ডিজিটেল ডেস্ক: দেশৰ‌ বিভিন্ন ৰাজ্যত বাওঁপন্থী হিংসাত্মক ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰিয় চৰকাৰৰ সফলতা অৰ্জন কৰিবলৈ  সক্ষম হোৱা বুলি দাবী কৰিছে। জানিব পৰামতে প্ৰায় এটা দশকত ৭৭ শতাংশলৈ নক্সালৰ হিংসা লাঘৱ পাইছে।নক্সালৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা শূন্য সহিষ্ণুতা নীতিৰ পৰিণতিতে এনে ধৰণৰ সফলতা অৰ্জন কৰিছে।ঝাৰখণ্ডৰ সীমান্তৱৰ্তী বুঢ়াপাহাৰ,ছত্তীশগড়,বিহাৰৰ চক্ৰবন্ধা আৰু ভীমবন্ধা এই ধৰণৰ দুর্লভ এলেকাত  নিৰাপত্তা বাহিনীয়ে কিল্লা ভাঙিবলৈ ২০ হেজাৰ কোটি টকা খৰছ কৰিছিল ।এইখিনি টকাৰে নক্সালকবলিত দুর্লভ ঠাইত বিদ্যালয়,ঔদ্যোগিক প্ৰশিক্ষণ শিবিৰ নিৰ্মাণ আৰু মোবাইল নেটৱৰ্ক স্থাপন আৰু কিছু বাট-পথ নিৰ্মাণ কৰি নক্সালৰ ওচৰ চপাটো সম্ভৱপূৰ্ণ কৰি তুলিছিল ।

No comments