Breaking News

দুৰ্ঘটনাগ্ৰস্ত প্ৰধানমন্ত্ৰীৰ মোডীৰ ভাতৃ প্ৰহ্লাদ মোডী



মাইচুৰুৰ ওচৰৰ ৭৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত আহত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোডী ।

এখন এছইউভিত বাংগালুৰুৰ পৰা বান্দিপুৰলৈ দিশে মাইচুৰু চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত পাঁচজন লোক আছিল, যাৰ ভিতৰত আছিল এজন ছয় বছৰীয়া শিশু। দুৰ্ঘটনাৰ পিছতেই জেএছএছ চিকিৎসালয়লৈ নিয়া হয় আহতসকলক।

 ৰাস্তাৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলতে পথ দুৰ্ঘটনাটো  সংঘটিত হয় বুলি জনা গৈছে। প্ৰহ্লাদ মোডী, তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়েকে সামন্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে তেওঁৰ নাতিৰ অৰ্থাৎ ছবছৰীয়া শিশুটিৰ বাওঁ ভৰিৰ হাড় ভাঙিছে বুলি জনা গৈছে। 

চিকিৎসালয়খনত এটা আৰক্ষী বাহিনী দল উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

No comments