Breaking News

পুনৰবাৰ বৰগাং আৰক্ষীৰ জালত পৰিল অবৈধ গৰুভৰ্তি ট্ৰাক ৷


ডিজিটেল সংবাদ, বিহালী: 
তথ্য অনুসৰি যোৱা নিশা বৰগাং আৰক্ষীৰ তালাচী NL 02 Q 7983 নম্বৰৰ ট্ৰাকত ২৪ টাকৈ গৰু গহপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে নি থকাৰ সময়ত বৰগাং আৰক্ষীয়ে নাকা তালাচী কৰি থকাৰ উমান পাই ১২ চকীয়া গাড়ীখন এৰি পলায়ন কৰে চালক তথা হেণ্ডিমেনে ৷ ইতিমধ্যে ট্ৰাক সহ 24 টাকৈ গৰু জব্দ কৰিছে বৰগাং আৰক্ষীয়ে যদিও এটা গৰু মৃত অৱস্থাত উদ্ধাৰ হৈছে  ৷ সম্প্ৰতি আৰক্ষীয়ে গৰুটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু বাকী গৰুকেইটাক গৌশালা পঠিয়াওৱাৰ ব্যৱস্থা কৰিছে বুলি বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বেয়ে জানিবলৈ দিয়ে । 


No comments