Breaking News

চীনৰ প্ৰভাৱ বৃদ্ধি পাইছে নেপালত


ডিজিটেল ডেস্ক: 
নেপালত কে পি শৰ্মা অলিৰ সমৰ্থনত পুষ্প কমল দহল  চৰকাৰ গঠন হোৱাৰ   পাছতে দেশখনত ভাৰত-বিৰোধী চীনৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাবলৈ লৈছে। চীনে ভাৰতক এশিকনি দিয়াৰ লক্ষ্যৰে হিমালয়ত ৰে'ল চলোৱাৰ প্ৰস্তুতি হৈছে হিমালয়ত ৰে'ল চলোৱাৰ বিষয়ে অধ্যয়নৰ বাবে চীনৰ এটা বিশেষজ্ঞ দল কাঠমাণ্ডুত আহি উপস্থিত হৈছে। ইয়াৰ আগতে নেপালৰ শ্বেৰ বাহাদুৰ দেউবাৰ চৰকাৰে চীনৰ এই প্ৰকল্পত আপত্তি জনাইছিল। কিয়নো এই প্ৰকল্পৰ জৰিয়তে চীনে নেপালক নিজৰ ঋণৰ জালত পেলাব বুলি তেওঁ আশংকা কৰিছিল। চীনৰ  মতে চীন-নেপাল ৰেলপথৰ দৈর্ঘ্য প্রায় ১৭০ কিল'মিটাৰ হ'ব। ইয়াৰ জৰিয়তে তিব্বত সীমান্তৰ কেৰুণ্ডক ৰাজধানী কাঠমাণ্ডুৰ সৈতে সংযোজিত কৰা হ'ব। নেপালৰ বিষয়াসকলে এই প্ৰসংগত কয়, তেওঁলোকক এই দায়িত্ব দিয়াৰ কাৰণ হ'ল আমাৰ নেতাসকল যাতে ঐকমত্যত উপনীত হয়। চৌদিশে ভূমিৰে আগুৰি থকা চীনক চাৰিওফালৰ পৰা সংযোজিত কৰাৰ দিশত এই সিদ্ধান্ত লোৱা হৈছে ।  নেপালে ব্যৱসায় কৰাৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। চীনে এতিয়া ভাৰতৰ আধিপত্য নোহোৱা কৰিবলৈ বিচাৰিছে। চীনে প্রায় তিনি বছৰৰ পাছত ৰাছুবাগাদহী সীমা মুকলি কৰি দিয়ে। নেপালৰ পৰা ইতিমধ্যে এই পথেৰে যোৱা বস্তু  চীনত উপস্থিত হৈছে। ৰাছুৱাগাদহী হ'ল নেপাল-চীনৰ মাজৰ আটাইতকৈ পুৰণি ব্যাবসায়িক পথ। নেপালত প্রচণ্ডৰ চৰকাৰ গঠন হোৱাৰ পাছতে চীনে ঘোষণা কৰে যে তেওঁলোকে বেল্ট এণ্ড ৰ'ডআঁচনি আগবঢ়াই নিব। এই আঁচনিৰ অধীনতে নেপালত ৰে'লপথ নিৰ্মাণ কৰা হ'ব। পূৰ্বৰ প্ৰধানমন্ত্রী দেউবাই এই ৰেলপথ নিৰ্মাণৰ বাবে চীনে দিয়া ঋণৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল। চীনে এই ৰে'লপথ নিৰ্মাণ কৰাত সফল হ'লে ই ভাৰত সীমান্তৰ পৰা ২৯ কিল'মিটাৰ দূৰৈত হ'ব। হিমালয়ত এই ৰে'লপথ নিৰ্মাণ কৰোতে ব্যয় হ'ব প্ৰায় ৮০০ কোটি ডলাৰ। নেপালৰ বাবে এই ব্যয় বহন কৰাটো সম্ভৱ নহয় আৰু সেয়েহে চীনে দেশখনক ইয়াৰ বাবে ঋণ দিবলৈ বিচাৰিছে।

No comments