Breaking News

ম্যানমাৰ শাসকৰ আং ছান ছ্যু কীক ৭বছৰৰ বাবে জেললৈ নিক্ষেপ

                                                                          


ডিজিটেল ডেস্ক:ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং ছান ছ্যু কীক দেশৰ সামৰিক আদালতে ৭বছৰৰ বাবে কাৰাদণ্ড বিহিছে।বিভিন্ন অপৰাধত তেওঁৰ কাৰাদণ্ড ৩৩বছৰলৈ বৃদ্ধি।বিগত বৰ্ষৰ পহিলা ফেব্ৰৱাৰীত সামৰিক শাসকে অভ্যুত্থানৰ জৰিয়তে দেশ খনৰ শাসন পুনৰ দখলৰ পৰা  ছ্যু কীক গৃহ বন্দী কৰি ৰাখিছে ১৮মাহত তেওঁৰ বিৰুদ্ধে ১৯টা অভিযোগৰ বিচাৰ চলি আছে।আজি আদালতে ৫টা অভিযোগত  ছ্যু কীক দোষী সাব্যস্ত কৰে আৰু শাস্তি বিহে।মন্ত্ৰী হৈ থকা কালত হেলিকপ্টাৰ  লোৱা সময়ত চৰকাৰী নিয়ম উলংঘন কৰাৰ বাবে তেওঁক আদালতে দোষী সাব্যস্ত কৰে।লগতে কভিড নীতি উলংঘন ৱাকী টকীৰ আমদানি আদি ১৪টা অপৰাধত সামৰিক আদালতে দোষী সাব্যস্ত কৰে আৰু নেতৃগৰাকীয়ে তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিছে

No comments