Breaking News

গোলাঘাটৰ মৰঙি সাৰৰ গাৱঁৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা বাসগৃহ লণ্ডভণ্ড বনৰীয়া হাতীৰ ৷


ডিজিটেল সংবাদ, নুমলীগড়: 
বুধবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীটোৱে নিশা শ’লমাৰী গাওঁ , পানীকৰা গাৱঁত উপদ্ৰৱ চলোৱাৰ পিছত সাৰৰ গাৱঁৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পদেন শইকীয়া নামৰ লোকজনৰ পকীঘৰৰ গ্ৰীল ভাঙি বাৰাণ্ডাত জমা কৰি থোৱা ধান খাই ঘৰটো লণ্ডভণ্ড কৰে ৷ গাৱঁৰ ৰাইজে খবৰ পাই হাতীটো খেদি পথাবলৈ সক্ষম হয় ৷ জাকৰ পৰা ফালৰি কাটি থকা এই হাতীটোৱে দীৰ্ঘদিনৰ পৰা সমগ্ৰ মৰঙি মৌজাত সন্ত্ৰাসৰ সৃষ্টি কৰি মানুহৰ নিদ্ৰা হৰিছে ৷

No comments