Breaking News

গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত শান্তিপুৰত নগাই নিৰ্মান কৰিবলৈ লৈছে পকী পথ।


ডিজিটেল সংবাদ, ধনশিৰিঃ
 অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত শান্তিপুৰত নগাই নিৰ্মান কৰিবলৈ লৈছে পকী পথ  গোলাঘাট জিলাৰ  অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত শান্তিপুৰত নগাই নিৰ্মান কৰিবলৈ লৈছে পকী পথ। ইতিমধ্যে 4 Land পথ নিৰ্মানৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে নাগালেণ্ড চৰকাৰে। অসম প্ৰশাসনৰ লগত আলোচনা তথা অনুমতি নোলোৱাকৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। তাৎপয্যপূৰ্ণ যে পথটো নিৰ্মাণ কৰি থকাৰ পিছতহে হাৰ পাইছে ধনশিৰি প্ৰশাসন  আৰু ধনশিৰি মহকুমাৰ বিদ্যুৎ বিভাগ। ইপিনে বিদ্যুত বিভাগে নজনাকৈয়ে বিদুৎৰ খোটা আঁতৰালে কোনো লোকে। শেষতীয়াকৈ উৰিয়ামঘাট কেন্দ্ৰীয় সংৰক্ষীত বাহিনীৰ কেম্পত সোমবাৰে চাৰিখন গাঁৱৰ গাঁওবুঢ়া আৰু সীমান্ত দণ্ডাধীশৰ মাজত আলোচনাত মিলিত হয়।আৰু পুনৰ আলোচনা নোহোৱা পৰ্যন্ত  নিৰ্মানৰ কাম স্থগিত ৰাখিব বুলি ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশে জানিবলৈ দিয়ে।উল্লেখ্য যে পথ নিৰ্মানৰ বাবে কৃষকৰ তামুল গছ কাটি ধ্বংস কৰাৰো অভিযোগ গাওঁ বাসীৰ। ইপিনে মহকুমা দণ্ডাধীশে  উক্ত পথ নিৰ্মাণৰ প্ৰাক্‌ মূহুৰ্তত অসম তথা ধনশিৰি মহকুমা প্ৰশাসনৰ লগত কোনো আলোচনা নকৰা বাবে বৰ্তমান পথটো নিৰ্মানৰ কাম স্থগিত ৰাখিছে বুলি জানিবলৈ দিয়ে।

No comments