Breaking News

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৃহত্তৰ গুৱাকুছিবাসী ।


ডিজিটেল সংবাদ, নলবাৰীঃ
বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৃহত্তৰ গুৱাকুছিবাসী ।প্ৰয়োজনীয় সংৰক্ষিত পানীৰ অভাৱত দুদিনতে বন্ধ পানী যোগান আঁ‌চনি ।নলবাৰী জিলাৰ বিভিন্ন ঠাইত ৰাইজৰ সুবিধাৰ্থে বিশুদ্ধ খোৱাপানীৰ আঁ‌চনি ৰূপায়ণ কৰিছে যদিও লাখ লাখ টকা অপচয় হোৱাহে দেখা গৈছে । জিলাখনৰ পূবপ্ৰান্তৰ গুৱাকুছি গাঁ‌ৱত নিৰ্মাণ কৰা খোৱা পানী যোগান আঁ‌চনি খন ধোঁ‌ৱাচাঙত উঠিছে । দীৰ্ঘদিন ধৰি লাখ লাখ টকা খৰছ কৰি এই আঁ‌চনি খন নিৰ্মাণ কৰি আহিছে যদিও গুৱাকুছিৰ ৰাইজে এতিয়ালৈ কিন্তু বিশুদ্ধ খোৱা পানী লাভ কৰিব পৰা নাই ।  সংৰক্ষিত পানীৰ অভাৱত  পানী যোগান বন্ধ কৰিব লগা হৈছে । আনফালে কিহৰ ভিত্তিত বিভাগীয় কৰ্তৃপক্ষই পানী সংৰক্ষণৰ ব্যৱস্থা সৰুকৈ নিৰ্মাণ কৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উঠিছে ।  ইপিনে পানী যোগান আঁ‌চনি খনৰ পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰি প্ৰয়োজনীয় পানী সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । বিভাগীয় কৰ্তৃপক্ষক লিখিত ভাৱে পৰিচালনা সমিতিয়ে জনোৱাৰ পিছতো জনস্বাস্থ্য বিভাগৰ নলবাৰী সংমণ্ডলৰ কোনো বিষয়া-কৰ্মচাৰীয়ে এতিয়াও পানী যোগান আঁ‌চনি খন পৰিদৰ্শন কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে । ইতিমধ্যে এই বিষয়টোৰ ওপৰত স্থানীয় বিধায়ক তথা জনস্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰিছে ।

No comments