Breaking News

মৰিয়নী বিজয়পুৰত হাতীৰ গচকত প্ৰাণ গল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী

 


ডিজিটেল সংবাদ, মৰিয়নীঃৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ পুনৰ মৰিয়নী  বিজয়পুৰত হাতীৰ গচকত  প্ৰাণ গল বৰষা গগৈ নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী হাতীৰ আক্ৰমণত আহত    মাতৃ লক্ষীমাই গগৈও  বৰ্তমান JMCHত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।নিহত ছাত্ৰী গৰাকী মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। ঘটনাস্হলীত বন বিভাগৰ লোক উপস্হিত নোহোৱাত আৰু হাতীৰ   জাকটোক নিয়ন্ত্ৰণ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত   অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে।

No comments