Breaking News

২৪ ডিচেম্বৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা

                                                                             


ডিজিটেল সংবাদ, নলবাৰী: অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, প্রধান সম্পাদক কোন হ'ব সেই লৈ চৰ্চা অব্যাহত আছে। অহা ২৪ ডিচেম্বৰত ইয়াৰ উত্তৰ ওলাব নলবাৰীত। নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ নলবাৰী অধিৱেশনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ সভাপতি ড° কুল শ‍ইকীয়াই সভাৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰিব ।ক্ৰমে স্মৃতি তৰ্পণ আৰু ১০ বজাত উদ্বোধনী অনুষ্ঠান হ'ব।অসম সাহিত্য সভাৰ ২০২৩-২৫ কার্য বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণাৰ লগতে সভাৰ সাংবিধানিক আৰু উন্নয়ন বিষয়ৰ বহু আলোচনা কৰা হ'ব।  ১১ বজাত ভোট গণনাৰ মাধ্যমেৰে ২০২৩ - ২৫ কাৰ্য বৰ্ষৰ বাবে  অসম সাহিত্য সভাৰ নেতৃত্ব বহন কৰিবলৈ সভাপতি পদৰ প্ৰাৰ্থী য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা,নাহেন্দ্ৰ পাদুন, প্রহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰী আৰু ৰোমান শৰ্মা, উপ-সভাপতি পদৰ প্ৰাৰ্থী ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা, গোবিন্দ তালুকদাৰ, গণেশ চন্দ্র নাথ, প্রধান সম্পাদক পদৰ প্ৰাৰ্থী যাদৱ চন্দ্ৰ শৰ্মা, উপেন্দ্ৰজিৎ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দ বৰাৰ ভৱিষ্যৎ নির্ণয় হ'ব।

No comments