Breaking News

শিৱসাগৰত শিশু বিজ্ঞানী হিচাপে ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিল গৌৰিসাগৰ চাৰিঙৰ আস্কা কটকী


 ডিজিটেল সংবাদ, শিৱসাগৰ: 
প্ৰতিভাৱান ছাত্ৰী গৰাকীৰ সাফল্যত উৎফুল্লিত চাৰিঙবাসী ৰাইজ ইতিহাস বিজড়িত শিৱসাগৰৰ গৌৰিসাগৰ চাৰিঙৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ অনুষ্ঠান শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আস্কা কটকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শিশু বিজ্ঞানী হিচাপে উজলি উঠিছে । যোৱা ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তেজপুৰত অনুষ্ঠিত ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি ছাত্ৰী গৰাকীয়ে উপস্থাপন কৰা প্ৰকল্পই বিশেষ সন্মান লাভ কৰাৰ পাছত গুজৰাটত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰাৰো সুযোগ লাভ কৰিছে ছাত্ৰী গৰাকীয়ে । ছাত্ৰী গৰাকীৰ এই সাফল্যত বিদ্যালয় আৰু সমূহ গৌৰিসাগৰ চাৰিঙবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।


No comments