Breaking News

সাংসদ বদৰউদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছ।


 ডিজিটেল সংবাদ, চিৰাংঃ সাংসদ বদৰউদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছ। শেহতীয়াকৈ সাংসদ বদৰউদ্দিন আজমলে ANI ৰ  সাক্ষাৎকাৰত কৰা এটা সাম্প্ৰদায়িক মন্তব্যৰ পাছত চিৰাং জিলা তৃণমূল কংগ্ৰেছে শনিবাৰে বিজনী চহৰত বদৰউদ্দিন আজমলৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকৰি সকলে বদৰউদ্দীন আজমলৰ  বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ স্থলী উত্তাল কৰি তোলাৰ লগতে বদৰউদ্দিন আজমলক ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ আৰু তেওঁৰ সাংসদ পদ খাৰিজ কৰিবলৈ দাবী জনায়। চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেনৰ নেতৃত্বত উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী দীপা চক্ৰবৰ্তী ব্ৰহ্ম,চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উপ-সভানেত্ৰী পাৰুল ৰায় চৌধুৰী,সাধাৰণ সম্পাদক আজিজুল হ'ক, সম্পাদক জিয়াৰুল হ'ক,বিত্ত সম্পাদক ৰূপম সাহা,বিজনী ব্লক তৃণমূল কংগ্ৰেছৰ সভাপতি আলি হুচেইন,সাধাৰণ সম্পাদক-কাচেম আলীৰ লগতে যুৱ তৃণমূল কংগ্ৰেছৰ বহু যুৱক-যুৱতী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

No comments