Breaking News

দিখৌ নদীত এস্কাভেটৰ বহুৱাই পলস আৰু চীল মাটিৰ ৰহমৰীয়া ব্যৱসায়

                                                                     


ডিজিটেল ডেস্ক:দিখৌ নদীত চলিছে  ৰমৰমীয়া ব্যৱসায়...একাংশ ভূ-মাফিয়াই দিখৌ নদীৰ বক্ষত এস্কাভেটৰ বহুৱাই পলস আৰু চীল মাটিৰ ৰহমৰীয়া ব্যৱসায় অব্যাহত ৰাখিছে।দিখৌ নদীৰ বগলীটোপ, মেটেকাঘাট, কোৱৰপুৰৰ লাহি য়া, দিহিং থান, গৌৰীসাগৰ, বেতৱাৰী, কোঁৱৰপুৰ আদি অঞ্চলত পুৱাৰে পৰা নিশালৈকে একাংশ ভূ- মাফিয়ার মিনি ডাম্পাৰ, ৪০৭ ট্রাক, ট্রেক্টৰ,মাটি আৰু চীল মাটিৰ খনন কাৰ্য অব্যাহত আছে। অসম চৰকাৰে  নৈৰ বালি, পলস আৰু চীল মাটিৰ চোৱা চিতাৰ  অনুমতি দিয়াৰ বাবে জিলা উপায়ুক্তক দায়িত্ব অর্পণ কৰাৰ পিছতে বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দিখৌ নদীত ভূ-মাফিয়াৰ  চক্ৰটোৱে পলস আৰু চীল মাটি বিক্ৰী কৰি কোটি কোটি টকাৰ অবৈধ ব্যৱসায় কৰা বুলি এক সূত্রই জানিবলৈ দিয়ে। মেটেকা ঘাটত দুটা মাহত দিনে ২০ পৰা ৩০খন মিনি ডাম্পাৰ আৰু ৪০৭ ট্রাকে অবৈধভাৱে দিখৌ নদীৰ পলস মাটি  বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে । অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে কমলায়লা বিদ্যালয়ৰ পৰা লখিমী নগৰলৈকে প্ৰায় ৮/১ কিঃমিঃ দিখৌ নদীৰ মথাউৰিটো পকীকৰণ কৰি নিৰ্মাণ কৰাৰ বাবে ধনৰ আবণ্টন দিছে। দিখৌ নদীৰ মথাউৰিৰ ওপৰেদি বাৰিষাৰ সময়ত যাতায়াত কৰাৰ ক্ষেত্ৰত অঞ্চল দুটাৰ ৰাইজৰ যথেষ্ট অসুবিধা হয়। স্থানীয় এজন প্রতিষ্ঠিত ঠিকাদাৰে পথটো নিৰ্মাণ কৰাৰ বাবে জিলা উপায়ুক্তৰ লগতে বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ পথটো নিৰ্মাণ কৰাৰ বাবে জধে-মধে দিখৌ নদীৰ মথাউৰিৰ কাষতে তিনি/চাৰিখনকৈ এস্কাভেটৰ লগাই ডাম্পাৰেৰে পলস মাটি কটাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দিখৌ নদীৰ মাটি নিজে এস্কাভেটৰৰ জৰিয়তে কটাৰ লগতে আন কেইবাজনো ভূ-মাফিয়াক মাটি বিক্রী কৰাৰো তথ্য পোহৰলৈ আহিছে।  শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু শিৱসাগৰ জলসম্পদ বিভাগৰ লগতে শিৱসাগৰ বন বিভাগেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে মৌন ভূমিকা পালন কৰা বুলিহে অভিযোগ উত্থাপন কৰিছে।এই ক্ষেত্ৰত ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।

No comments