Breaking News

মৃন্ময় গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি....



                                                       

    মৃন্ময় গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি....                                       

                                                                                                      - অপূৰ্ব বল্লভ গোস্বামী, গোলাঘাট 

 মৃত্যুক ৰোধ কৰিব পৰা শক্তি কাৰোৰে নাই, এটা চিৰন্তন সত্যৰ মাজেদি জীৱন পৰিক্ৰমাই গতি কৰে। সময়ে নিৰ্ধাৰণ কৰে মৃত্যুৰ ক্ষণ। ২৭ ডিচেম্বৰ পুৱা মনালিছা বৌৰ ফনটোৱে এজাক যেন ধুমুহাৰ সৃষ্টি কৰিলে । ২৬ ডিচেম্বৰ নিশা ১০.২৯মিনিটত আমাৰ নগাঁৱৰ মামা প্ৰয়াত লক্ষীপ্ৰসাদ গোস্বামীৰ দ্বিতীয় পুত্ৰ মৃন্ময় গোস্বামী অৰ্থাৎ দল দাদাৰ মৃত্যু হৈছে । তেখেতৰ মৃত্যুৱে আমাক সকলোকে মৰ্মাহত কৰি তুলিলে, ওভতি গ’লো মোৰ শৈশৱ-কৈশোৰলৈ । সেই সময়ত মোৰ মামা অসম চৰকাৰৰ কৃষি মন্ত্ৰী দায়িত্বত আছিল। শ্বিলঙত সেই সময়ত দল দাদা চেইণ্ট  এডমান্স স্কুলৰ এজন আগবঢ়া ছাত্ৰ আছিল ।সৰুৰে পৰা ৰং তুলিকাত ব্যস্ত থকা দল দাদাৰ সেই সময়ৰ ব্যস্ততা দেখি অভিভূত হৈ পৰিছিলো। সময়ে সময়ে সলনি হোৱা মানুহৰ ব্যৱসায়িক চিন্তাধাৰাই দল দাদাৰ মনটো বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল ।পথৰ কাষত হোটেল খোলাৰ আমোদ অনুভৱ কৰিয়েই হয়তো তেখেতে বাগৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাটচ'ৰা নামৰ এখন বৰ্তমানৰ ধাবা কনচেপ্টৰ আৰ্হিত বাটৰুৱাৰ সুবিধাৰ বাবে থকা আৰু খোৱা-বোৱাৰ সুবিধা কৰি 'ধাবা' কনচেপ্টৰ বাটকটীয়া হৈ পৰাত আমি আটায়ে গৌৰৱবোধ কৰিছিলো।কিন্তু  দুৰ্ভাগ্যবশত: তেওঁৰ এই ব্যৱসায়টোৱে দীৰ্ঘস্থায়ীত্ব লাভ কৰিব নোৱাৰিলে।


 দলদাদাই খুউব সুন্দৰ ইংৰাজী কবিতাৰ সৃষ্টি কৰিব পাৰিছিল ।প্ৰকৃতাৰ্থত তেখেত এজন সু-কবি আছিল ।অসম চৰকাৰৰ নিষ্ঠাবান কৰ্মী হৈ পিছলৈ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে সফলতাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। পৰিয়ালসমূহক একত্ৰিত কৰি ৰখা হেঁপাহ দেখি তেখেতৰ ওচৰলৈ যাবলৈ আমিও অত্যন্ত আগ্ৰহাম্বিত হৈ পৰিছিলো। তেখেতৰ  নিৰহংকাৰী আৰু প্ৰতিভাত জীবনৰ প্ৰতি আচৰিত হৈ আমি সদায়ে সুখ পাইছিলো। আজি তেখেতৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰি পূণ্যাত্মাৰ  সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। 

সৰ্বে ভৱন্তু সুখীনাহা

সৰ্বে মন্তু নিৰাময়া

সৰ্বে ভদ্ৰনি পশ্যন্তু

মা কশ্চিদ দুঃখ পভবেৎ

ওম শান্তি 

ওম শান্তি

ওম শান্তি.....

No comments