Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~পঞ্চদশ খণ্ড



                  মালবিকা শৰ্মা,ভুবনেশ্বৰ

       

         এদিন দুপৰীয়া সময়ত কাম কৰা মানুহজনীয়ে ঘৰটো ঝাড়ু মাৰি থাকোতে দুই এটা হিন্দি শব্দৰ লগত তাইৰ ভাষা মিহলি কৰি বিভিন্ন ধৰনৰ কথাৰ মেল আৰম্ভ কৰিছে আৰু ড্ৰইংৰুমত বহি মই তাইৰ কথা শুনি আছো। এনেতে তাই চোফাৰ তলৰপৰা ঝাড়ু মাৰি লম্বা সেউজীয়া ৰঙৰ দীঘল  পলু এডাল বাহিৰ কৰি আনি দেখুৱালে। মই জাপ মাৰি ৰুমৰ সিটো কাষ পালো। মোৰ অৱস্থা দেখি হাঁহি হাঁহি তাই পলুডাল এপাৰ্টমেন্টৰ চাৰিওপিনে থকা প্ৰকাণ্ড গছবোৰৰ পৰা অহা বুলি ক’লে। মই তাইক সেইডাল বাহিৰত পেলাই আহিব দিলোঁ। এনে ধৰনৰ পোক পৰুৱা এই ঠাইখনত ভৰ্তি হৈ থকা বুলি তাই জনালে।

    গছ গছনিৰে ভৰা এই চহৰখন আগতে সাপ আৰু বাঘৰ ৰাজত্ব আছিল বুলি শুনিছিলোঁ। বাঘ বহুত আছিল কাৰনে ইয়াৰে এডোখৰ ঠাইক টাইগাৰ চাৰ্কেল বুলিও কোৱা হয়। এদিন শ্ৰীযুত পাইৰ ঘৰত আমাক নৈশ ভোজন কৰিবলৈ মাতিছিল। মাতিছিল মানে আহি লৈ গৈছিল আৰু খোৱা হোৱাৰ পিছত থৈও গৈছিল। হঠাতে সুদুৰ কাম্বডিয়াৰপৰা শ্ৰীমানে এটা সপ্তাহৰ বাবে আহি মণিপালত উপস্থিত হোৱাত আমাৰ শান্ত শিষ্ট ভাৰাঘৰটো সৰৱ হৈ উঠিছিল। শ্ৰীমান অহাৰ খবৰ পোৱাৰ লগেলগে  পাইয়ে আমাক তেওঁৰ ঘৰলৈ নিমন্ত্ৰন জনাইছিল। আমি গৈ পোৱাৰ পিছত সুন্দৰ সুস্বাদু ব্যঞ্জনৰে পাইৰ সাদৰী পত্নী আৰু কন্যাই আমাক আপ্যায়িত কৰিলে। তাতে খোৱা-লোৱা কৰি উঠি আটাই কেইজনে একেলগে বহি বহু দেৰী কথা পাতিলোঁ। 

      বিভিন্ন প্ৰসংগ ওলাল, তাৰ মাজতে পাইৰ পত্নীয়ে ক’লে তেওঁলোকৰ ঘৰৰ পিছপিনে জংঘলত এতিয়াও সাপ আছে। কিদৰে এবাৰ প্ৰায় দহফুটীয়া প্ৰকাণ্ড পাইথন এডাল আহি তেওঁলোকৰ ঘৰৰ তিনিটাকৈ মেকুৰী খাই গ’ল শুনি আমাৰ চকু কপালত উঠিল। ফৰেষ্ট বিভাগত খবৰ দিয়াৰ কথা শুধোতে তেওঁলোকে জনালে মাজে সময়ে ধৰি লৈ যায় যদিও ৰৈ যোৱা পোৱালী বোৰ ডাঙৰ হৈ আহি পুনৰ ৰাজত্ব চলায়। পাইথনৰ লগতে নাগ সাপো থকা বুলি পাইহতে আমাক জনালে। নাগ দেৱতাক এই ঠাইখনৰ ৰক্ষক হিচাপে স্থানীয় মানুহবোৰে পূজাও কৰে। নাগ দেৱতাৰ সৰু মন্দিৰ এটাৰ ফটো উলিয়াই আমাক দেখুৱালে 

          বিভিন্ন ধৰনৰ কথা প্ৰসংগত কেতিয়া মাজৰাতি হৈ আহিল গমেই নাপালোঁ। পুনৰ পাই আহি আমাক ঘৰত থৈ গ’ল। পুৰনা প্ৰাচীন চহৰখনৰ বিষয়ে নজনা কথাবোৰ যিমানে জানিব পাৰিছো সিমানে জনাৰ আগ্ৰহ বাঢ়ি আহিছে। বিভিন্ন ধৰনৰ কিংবদন্তি, জন-বিশ্বাস, পৰম্পৰা, ৰীতি-নীতিৰ বিষয়ে মোৰ কৌতুহল থকা দেখি পাইৰ পত্নীয়ে তেওঁলোকৰ কুলদেৱীৰ মন্দিৰটো দেখুৱাবলৈ মোক লৈ যাব বুলি কথা দিলে আৰু ময়ো আগ্ৰহেৰে যাম বুলি ক’লো।(আগলৈ)

No comments