Breaking News

পশ্চিম যোৰহাট আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিয়ে যোৰহাট জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

 


ডিজিটেল ডেস্ক....
যোৰহাট আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিয়ে যোৰহাট জিলাৰ গাঁও কৰ্তন কৰি গোলাঘাট জিলাত চামিলকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি যোৰহাট জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ.. যোগাযোগ আৰু সাধাৰণ সুবিধাৰ লগতে উন্নত জনসেৱা প্ৰদান আৰু আইন - শৃংখলা পৰিস্থিতিৰ ৰক্ষণাবেক্ষণ আদিৰ প্ৰলোভন  দি অঞ্চলবাসীৰ অজ্ঞাতে , জনতাক  আন্ধাৰত ৰাখিছে যোৰহাটৰ পৰা বৃহত্তৰ গৰুমৰা অঞ্চল ম'হবন্ধা , তিতাবৰ বেকাজান আদি অঞ্চল । ৩৮ খন গাঁও বিচ্ছিন্ন কৰি গোলাঘাট জিলাৰ লগত চামিল কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰে সংগঠন দুটাই । স্মাৰকপত্ৰৰ জৰিয়তে ছাত্র মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় কার্যকৰী সভাপতি কাশ্যপ নন্দন কলিতাই কয় যে ২৬ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক , অন্যথা ছাত্র মুক্তি সংগ্রাম সমিতিয়ে সমগ্ৰ যোৰহাট জিলাত তীব্র গণতান্ত্রিক আন্দোলন গঢ়িতুলিবলৈ বাধ্য হ’ব । জিলা সমিতিৰ সভাপতি ভৈৰৱ বৰাই অঞ্চলৰ ৰাইজৰ কোনো মতামত গ্রহণ নকৰাকৈ চৰকাৰে একপক্ষীয়ভাৱে এক ৰাতিৰ ভিতৰতে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰে । এই কাৰ্যসূচীত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা , জিলা সমিতিৰ সভাপতি ভৈৰৱ বৰা , কাৰ্যকৰী সভাপতি চিন্ময় গগৈ , উত্তৰ - পশ্চিম যোৰহাট আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি মনজিৎ হাজৰিকা , পঞ্চানন বৰা , কাৰ্যকৰী সভাপতি অভিষেক বৰা , কংকণ কাশ্যপ , সাধাৰণ সম্পাদক দেবাশিস শইকীয়া উপস্থিত থাকে ।  ২৬ জানুৱাৰীৰ ভিতৰত প্রশাসনিকভাবে স্থিতি স্পষ্ট কৰি লিখিত প্রতিশ্রুতি দিবলৈ দাবী উত্থাপন কৰে , অন্যথা তীব্র গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে । 

No comments