Breaking News

১৯,৭৪৪ কোটি টকা ব্যয়ৰে নেশ্যনেল গ্রীন হাইড্ৰজেন মিছন বুধবাৰে কেন্দ্ৰীয় কেবিনেটে সন্মতি জনায়।

  


ডিজিটেল ডেস্ক: 
এই মিছনৰ লক্ষ্য  হ'ল গ্রীন হাইড্ৰজেনৰ  ক্ষেত্ৰত ভাৰত এক প্রধান হোৱা আৰু গ্ৰীন হাইড্ৰজেন আৰু ইয়াৰ পৰা লাভ‌ হোৱা  দ্ৰব্যবোৰৰ  উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে ভাৰতক এক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ কৰা। এই পদক্ষেপে বিশ্বৰ এক বৃহত্তম গ্রীনহাউছ গেছ নির্গমণকাৰী ভাৰতক ২০৭০ চনৰ ভিতৰত নেট-জিৰ' কাৰ্বন নির্গমণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। কেবিনেট বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সাংবাদিকক‌ জানিব দিয়ে ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  কেবিনেট বৈঠকে নেশ্যনেল গ্রীন হাইড্ৰজেন মিছনত সন্মতি জনায়।' এই মিছনৰ বাবে প্ৰাৰম্ভিক ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১৯,৭৪৪ কোটি টকা। তাৰ ভিতৰত চৰকাৰে ‘ছাইট’ কাৰ্যসূচীৰ বাবে আবণ্টন দিছে ১৭,৪৯০ কোটি টকা। আগন্তুক পাইলট প্রজেক্টবোৰৰ বাবে ১৪৬৬ কোটি টকা, গৱেষণা আৰু উন্নয়নৰ বাবে ৪০০ কোটি টকা আৰু মিছনৰ আন  কামৰ বাবে ৩৮৮ কোটি টকা আবণ্টন দিয়া হৈছে। বুধবাৰে  কেবিনেটে প্রসাৰ ভাৰতীৰ  আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নত কৰিবৰ বাবে ২,৫০০ কোটিৰো অধিক টকাৰ এখন আঁচনিতো সন্মতি জনায়। কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰে কয় যে ২০২৫-২৬ বছৰলৈকে ব্যয় কৰা হ'ব ২,৫৩৯,৬১ কোটি

No comments