Breaking News

গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ ড ° নগেন শইকীয়াৰ নামেৰে নামকৰণ হ’ল এখন বিদ্যালয় ।


 ডিজিটেল ডেস্ক: 
গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ জাতীয় বিদ্যালয়ৰ নতুন নাম ' ড ° নগেন শ‍ইকীয়া জাতীয় বিদ্যালয় ' । বিশিষ্ট শিক্ষাবিদ , সাহিত্যিক , অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড ° নগেন শইকীয়াৰ নামেৰে নামকৰণ হ’ল এখন বিদ্যালয় ।  প্রথিতযশা সাহিত্যিকগৰাকীৰ সন্মতিসাপেক্ষে হাতীয়েখোৱা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত্ আজি আনুষ্ঠানিকভাৱে কৰা হৈছে এই নামকৰণ । প্রতিষ্ঠা দিৱস আৰু নতুন নামকৰণ অনুষ্ঠান আয়োজন কৰা হয় হাতীয়েখোৱা জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত । কাৰ্যসূচী অনুসৰি আজি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন সভাপতি কুমুদ গগৈয়ে । বিদ্যালয়ৰ মূল তোৰণ উন্মোচন কৰে দিছিয়াল সত্ৰৰ সত্ৰাধিকাৰ ঋষভ মহন্তই । প্ৰতিষ্ঠা দিৱস ছাত্র - ছাত্রী , অভিভাৱক তথা ৰাইজৰ অংশগ্রহণেৰে উলিওৱা হয় এক শৈক্ষিক শোভাযাত্রা । ইয়াৰ পিচতে অনুষ্ঠিত হয় মুকলি সভা আৰু  সাংস্কৃতিক অনুষ্ঠানৰ । বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক চিৰাজুল হকে আঁত ধৰা সভাখনত ড ° নগেন শইকীয়াই স্বাস্থ্যজনিত কাৰণত আহিব নোৱৰাৰ বাবে ভিডিঅ ' কনফাৰেন্সৰ জৰিয়তে নিজৰ বক্তব্য প্ৰদান কৰে । ড ° শইকীয়াই আৱেগিক হৈ এয়া চৰম প্ৰাপ্তি বুলি বক্তব্য  কৰে । তেওঁ বিদ্যালয়খনলৈ ৫০ হেজাৰ টকাৰ অনুদানো প্ৰদান কৰে  ।  সাহিত্যিকগৰাকীৰ প্ৰতিখন গ্ৰন্থ বিদ্যালয়ৰ পুথিভঁৰাললৈ দান কৰিব বুলি উল্লেখ কৰে । সভাত বিশিষ্ট অতিথি হিচাপে কবি , সাহিত্যিক , গৱেষক ইছমাইল হুছেইন আৰু শিক্ষাবিদ দীনেশ গগৈয়ে বৰেণ্য অসমীয়াগৰাকীৰ নামত বিদ্যালয়খনৰ নামকৰণ কৰা কাৰ্যক আদৰণি জনায় । শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত প্ৰদৰ্শন কৰা হয় বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান ।

No comments