Breaking News

বহিৰাগতলৈ দৰদ অ ’ এন জি চিৰ...একাংশ বিষয়াই বহিৰাগত পুঁজিপতিক শ শ কোটি টকাৰ ঠিকা


 ডিজিটেল ডেস্ক:
অ ’ এন জি চিৰ অসম সম্পদত অব্যাহত আছে  চক্রান্ত ।একাংশ বিষয়াই বহিৰাগত পুঁজিপতিক শ শ কোটি টকাৰ ঠিকা...১৩.৯৩ কোটি টকাৰ এটা ঠিকা কাম যোগ্যতা থকা অসমীয়া ঠিকাদাৰৰ পৰা বহিৰাগত প্রতিষ্ঠানক গতোৱাৰ ষড়যন্ত্ৰত এই চক্ৰটো লিপ্ত হৈছে । এবাৰ নিবিদা সম্পন্ন হোৱাৰ লগতে যোগ্যতা অর্জন কৰা অসমীয়া ঠিকাদাৰক কাম গতাই দিয়াৰ পৰিবৰ্তে পুনৰ নিবিদা সম্পন্ন কৰাৰ প্ৰস্তুতি চলোৱাক লৈ শিৱসাগৰত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে ।অ ' এন জি চিৰ অসম সম্পদে জি জি এছৰ পৰিবেশ ৰক্ষাসহ আন আন কাম কৰাৰ বাবে জি ই এম / ২০২২ / বি / ২৬২৯৪৮৫ নম্বৰৰ নিবিদাৰ আহ্বান কৰে । প্রতিষ্ঠানটোৰ মেটেৰিয়েল মেনেজমেন্ট চমুকৈ এম এম বিভাগে আহ্বান জনোৱা নির্বিদাত অংশগ্ৰহণৰ অন্তিম তাৰিখ ২০২২ চনৰ ২ নৱেম্বৰ ধাৰ্য কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ ৯ গৰাকী ঠিকাদাৰ তথা ঠিকাদারী প্রতিষ্ঠানে জি ই.এম অর্থাৎ গভর্নমেন্ট ই মার্কেটপ্লেচ যোগেদি নিবিদাত অংশগ্রহণ কৰে । অ ' এন জি চিব এম এম বিভাগে তিনিবছৰীয়া ঠিকা কামটোৰ বাবে মুঠ ১২৬৬৭৫৬৫১.৮৪ টকা ধার্য কৰিছিল।এটা মাহত ঠিকাদাৰে ৩280208,56 টকা লাভ কৰিব । ১৮ শতাংশ জি এছ টিৰ লগতে লাভৰ ১০ শতাংশ ধন সামৰি তিনি বছৰত মুঠ টকা হ'ব 139383217.02 টকা । এই পৰিমাণৰ ধনৰ কথা নিবিদা পত্ৰত উল্লেখ কৰাটো বাধ্যতামূলক । নির্বিদাত দেশৰ বিভিন্ন প্ৰান্তৰ ৯ টা প্রতিষ্ঠানে ভাগ লয়..প্রথম নিবিদাকাৰীয়ে ভুলতে নিবিদাপত্ৰত মাথোঁ ৩২৮০২০৭,৫৫ টকা , দ্বিতীয় প্রতিষ্ঠানে ৩৮৩১৮৭৮.৮০ টকা আৰু তৃতীয় প্রতিষ্ঠানে ৩৮৭০৬৪৪.৯২ টকা বুলি উল্লেখ কৰে ।  চতুর্থ আৰু পঞ্চম নিবিদাকাৰীয়ে দুই - এটা টকা কমকৈ উল্লেখ কৰিলে । গতিকে এই নিবিদাপত্রও নাকচ কৰিলে । ষষ্ঠ নির্বিদাকাৰীয়ে মাথোঁ এক পইচা কমকৈ উল্লেল্লখ কৰিলে । অষ্টম আৰু নৱম প্রতিষ্ঠানে অধিক টকাৰ কথা উল্লেখ কৰে ।  

No comments