Breaking News

পুনৰবাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফাই ।


ডিজিটেল ডেস্ক:
আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কুটনৈতিক সম্পর্কত ফাট মেলাটো যেন স্পষ্ট হৈ পৰিছে। কিয়নো বিদ্রোহী সংগঠন আলফা স্বাধীনে পুনৰবাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাই সমাগত ২৬ জানুৱাৰীৰ দিনটোত সৰ্বাত্মকঅসম বন্ধৰ আহ্বান জনাইছে। অথচ বিগত দুটা বছৰৰ গণৰাজ্য দিৱসত পূৰ্বৰ পৰম্পৰা ভংগ কৰি আলফা (স্বা)ই বন্ধৰ দৰে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাছিল। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতেই শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা দেখুওৱাত আলফাৰ মুৰব্বী পৰেশ বৰুৱাই একপক্ষীয় অস্ত্ৰবিৰতিৰ লগতে গণৰাজ্য দিৱস তথা স্বাধীনতা দিৱসত বন্ধ ঘোষণা কৰাৰ পৰম্পৰা ভংগ কৰিছিল। যাৰ বাবে এইবাৰ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ আহ্বান জনাই উক্ত দিনা সর্বাত্মক অসম বন্ধ ঘোষণা কৰিছে আলফাই। আলফা (স্বা)ৰ লগতে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু জি পি আৰ এনে যৌথ বিবৃতিযোগে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসক ভুৱা আখ্যা দি দিৱস উদযাপনৰ  বিৰোধিতা কৰিছে। আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰিত এক যৌথ বিবৃতি যোগে আলফাৰ লগতে আটাইকেইটা সংগঠনে এই আহ্বান জনাইছে। অসমৰ লগতে নাগালেণ্ডৰো সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে সংগঠন কেইটাই। আলফাই ২৫ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা আবেলি ৬ বজালৈ এই বন্ধৰ আহ্বান জনাইছে। এই বন্ধত আলফাই জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব  বুলি বিবৃতিটোত জনাইছে। পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্রত্যাখান কৰিবৰ বাবে  আহ্বান জনাইছে আলফা স্বাধীনে। লক্ষণীয়ভাৱে আলফাই দীৰ্ঘদিন ধৰি দেশৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাই আহিলেও শেহতীয়া কিছু বছৰ ধৰি জনসাধাৰণে মুক্ত মনেৰে এনে দিৱসৰ কাৰ্যসূচীত  অংশ লোৱা দেখা গৈছে। অৱশ্যে আলফাৰ ৪০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ ছবি বাবে নিষিদ্ধ ঘোষিত সংগঠনটোৱে শান্তি আলোচনাৰ প্ৰতি সঁহাৰি জনাই প্ৰাণ ২০২১ বৰ্ষত স্বাধীনতা দিৱস উদ্ যাপন  কৰিবলৈ বাধা প্ৰদান কৰা নাছিল  অৱশ্যে আলফাৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়— এয়া আলফাৰ  গতানুগতিক কাৰ্যলৈ পৰিণত হৈছে। ম‍ই আশা কৰো এইবাৰ অন্যবাৰতকৈ অধিক উলহ-মালহেৰেই গণৰাজ্য দিৱস জনসাধাৰণে পালন কৰিব।

No comments