Breaking News

অসমকে ধৰি উত্তৰ - পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বিনিয়োগ বৃদ্ধি কৰিছে বিশ্ব বেংকে ।

 



ডিজিটেল ডেস্ক: 
অসমকে ধৰি উত্তৰ - পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বিনিয়োগ বৃদ্ধি কৰিছে বিশ্ব বেংকে ।  বিশ্ব বেংকৰ কাউন্টি ডাইৰেক্টৰ অগষ্টে টান ' কৌমেই কয় যে বিশ্ব বেংকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰকল্পত প্রায় ১,১৬০ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰিছে ।  বিশ্ব বেংকে অসম , মেঘালয় , নাগালেণ্ড আৰু F মিজোৰামৰ বিভিন্ন প্ৰকল্পত কাম কৰি আছে ।  নতুনকৈ সংযোজন হৈছে ছিকিম । সঞ্চালকগৰাকীয়ে কয় যে পৰিবহণ খণ্ডকে আদি কৰি কৃষি , মানৱ সম্পদ , নাৰী সবলীকৰণ আদি খণ্ডসমূহত বিনিয়োগ কৰিছে তেওঁলোকে । বিনিয়োগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি লাভ কৰা বুলি মত ব্যক্ত কৰি তেওঁ লগতে কয় যে উত্তৰ - পূবৰ ভিতৰত অসমত সর্বাধিক হাৰত বিনিয়োগ কৰা হৈছে । অসমৰ চাৰিটা প্রকল্পত বিশ্ব বেংকে বিনিয়োগ কৰিছে ৩৪৮.৬ নিযুত মার্কিন ডলাৰ । সম্প্রতি উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ কৰা মুঠ ধনৰাশিৰ পৰিমাণ হৈছে ১,১৬৪.৬ নিযুক্ত মার্কিন ডলাৰ । ইয়াৰে ২০৩ নিযুত মেঘালয়ত , ৩২ নিযুত মিজোৰামত আৰু ১১১ নিযুক্ত মার্কিন ডলার বিনিয়োগ কৰা হৈছে নাগালেণ্ডত । সেইদৰে সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চলৰ শক্তি খণ্ডৰ বিকাশৰ বাবে ব্যয় কৰা হৈছে ৪৭০ নিযুক্ত মার্কিন ডলাৰ । আগত সময়ছোৱাত ছিকিমত নতুনকৈ বিনিয়োগ কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে বিশ্ব বেংকে । ইফালে বাংলাদেশ , নেপাল আৰু ভূটানৰ দৰে দেশসমূহৰ সৈতে ভাৰতৰ অর্থনৈতিক সম্পৰ্ক টনকিয়াল কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিশ্ব বেংকে ।

No comments