Breaking News

অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত উত্তৰাখণ্ডত ট্রেকিং দলত সৰুপথাৰৰ ত্রিবেণী চেতিয়া , অংকিতা বৰা



ডিজিটেল ডেস্ক:
 অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত উত্তৰাখণ্ডত ট্রেকিং দলত সৰুপথাৰৰ ত্রিবেণী চেতিয়া , অংকিতা বৰা ...অসম পর্বতাৰোহণ সন্থাৰ উদ্যোগত দলপতি কৃষাণু বৰুৱা , সহযোগী দলপতি মাধুৰ্য মঞ্জুৰি বড়া আৰু শিৱপ্ৰসাদ গগৈৰ নেতৃত্বত ১২ জানুৱাৰীত উত্তৰাখণ্ডৰ কেডাৰকান্থলৈ পৰ্বতাৰোহণ শীতকালীন ট্রেকিং অভিযানলৈ অসমৰ পৰা এটি ২০ জনীয়া দল ৰাওনা হৈছিল । এই ২০ জনীয়া দলটোত আছিল সৰুপথাৰ অঞ্চলৰ দুগৰাকীকৈ পৰ্বতাৰোহণকাৰী ত্রিবেণী , চেতিয়া আৰু অংকিতা বৰা । অসমৰ দলটোৱে ১০ দিনীয়া ট্রেকিং অভিযানটোত শূন্যতকৈও কম তাপমাত্ৰাত ১২ হেজাৰ ৫০০ ফুট উচ্চতাত সফলতাৰে আৰোহণ কৰে আৰু জাতীয় পতাকা উৰুৱায় । গন্তব্যস্থান কেডাৰকান্থৰ চাম্মিত উপস্থিত হৈ সকলো আনন্দিত হয় ।

No comments