Breaking News

ৰাজ্যৰ বিদ্যুতৰ চাহিদা পূৰ্ণৰ লক্ষ্যৰে বিভিন্ন ঠাইত সৌৰশক্তি প্রকল্প স্থাপন


 ডিজিটেল ডেস্ক:
শক্তি খণ্ডৰ উন্নয়নে জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । প্রয়োজনীয় চাহিদা অনুপাতে বিদ্যুৎ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন পর্যায়ত বহু পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে । এক সমীক্ষা অনুসৰি শেহতীয়া অৱস্থাৰ মাজেৰে বিদ্যুৎ উৎপাদনৰ ধাৰা অব্যাহত থাকিলে ২০৪৭ চনত এই বৃদ্ধি চি এ জি আৰ হিচাপত প্রায় ৫.৪ শতাংশৰ পৰা ৫.৭ শতাংশলৈ উন্নীত হ'ব । দেশে পৰম্পৰাগত পদ্ধতিৰে বিদ্যুৎ উৎপাদনৰ প্রচেষ্টা অব্যাহত যখাৰ সমান্তৰালকৈ আধুনিক পাৱাৰ গ্ৰীড় পদ্ধতিৰ ব্যৱহাৰে ৷ ইয়াৰ বিশ্বাসযোগ্যতা বুদ্ধিৰ জৰিয়তে সামগ্রিকভাবে বিদ্যুৎ উৎপাদন ব্যৱস্থাৰ উন্নয়ন ঘটোৱাত অগ্ৰসৰ হৈছে । উত্তৰ পূবত থকা পাহাৰ , ভৈয়াম , নদ - নদী তথা প্রাকৃতিকভাৱে সৃষ্ট উৎসসমূহত বিদ্যুৎ উৎপাদনৰ যথেষ্ট সুবিধা আছে আৰু সেইবাবেই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক বিদ্যুৎ উৎপাদন আৰু প্ৰবাহৰ কেন্দ্ৰ হিচাপে অভিহিত কৰা হয় । এই ক্ষেত্ৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উত্তৰ - পূর্বাঞ্চলে দেশৰ বাবে বিদ্যুৎ উৎপাদন আৰু যোগান ধৰাৰ মূল চালিকা শক্তি হিচাপে পথ প্রদর্শন কৰিব বুলি মত প্রকাশ কৰি অহাৰ লগতে এইক্ষেত্রত ভালেমান পদক্ষেপ গ্রহণ কৰি আহিছে । অসমত থকা বিদ্যুৎ উৎপাদনৰ সম্ভাবনালৈ চাই ৰাজ্যখনেও বিদ্যুৎ উৎপাদন আৰু ইয়াৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত গুরুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে । কেন্দ্রীয় বিদ্যুৎ আয়োগৰ তথ্যমতে অসমত প্রয়োজন হোৱা বিদ্যুতৰ চাহিদা হৈছে প্রায় ২,০০০ মেগাৱাট । অসমে শেহতীয়াকৈ ৩০০ মেগাৱাট শক্তি ব্যবহাৰ কৰিব পৰাকৈ কেৱল ৩৭৭ মেগাৱাট বিদ্যুৎ উৎপাদন কৰ । অৱশ্যে উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে গ্রহণ কৰা পদক্ষেপসমূহৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যৰ কিছু পৰিমাণ পূৰণ কৰিবলৈ সমৰ্থ হ'ব বুলি আশা কৰিব পাৰি । ইয়াৰ ভিতৰত ২০২৪ চনৰ ভিতৰত ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ নামনি কপিলী জলবিদ্যুৎ প্রকল্প সম্পূর্ণ হৈ উঠিলে আৰু ইয়াৰ জৰিয়তে ১২৫ মেগাবটি বিদ্যুতৰ চাহিদা পূৰণ হ'ব । নৱীকৰণযোগ্য শক্তিল বিয়তে সর্বমুঠ ৪৪৫.২৬ মেগাবাট শক্তি উৎপাদন সম্ভব হ’ব । তদুপৰি নামৰূপৰ শক্তি প্রকল্পৰ জৰিয়তে ১০০ মেগাৱাট , আমগুৰি সৌরশক্তি প্রকল্পৰ জৰিয়তে ৭০ মেগাৱাট আৰু নামৰূপৰ সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে ২০ মেগাবার্ট শক্তি উৎপাদন হ'ব । এই সকলো মিলি অসমত প্রায় ৩১০ মেগাৱাট শক্তি উৎপাদন সম্ভবপর হ'ব । ইপিনে কার্যক্ষম অৱস্থাত থকা বৰপানী মধ্যম প্ৰকল্পৰ জৰিয়তে ২০ মেগাৱাট , বৰপানীৰ পৰা ২২.৫ মেগাৱাট আৰু বিলাসীপাৰা সৌরশক্তি প্রবাৰ জৰিয়তে ১০০ মেগাৱাট শক্তিৰে অসমে অতিরিক্ত ১৪৬ মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিলে বিদ্যুত নাটমি কিছু পৰিমাণে হলেও হ্রাস পোৱাৰ লগতে বাণিজ্যিকভাবে বাজাঙ্ক্ষাৰ অধিক উন্নতি হ'ব বুলি আশা কৰিব পাৰি । এই প্রকল্পসমূহৰ উপনি ২০২১ ত স্থাপন কৰা উত্তৰ - পূব মণ্ডল ২ প্রকল্পটোরে ৩,০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন আৰু পরিবহণৰ জৰিয়তে প্রায় ৫ কোটি ৩০ লাখ লোকৰ বিদ্যুতৰ চাহিদা পূরণ কৰিবলৈ সমৰ্থ হ'ব । এই সময়ছোৱাত নাঙলব্রিা , বঙাইগাঁও বিদ্যুৎ প্রবাহ লাইন প্ৰকল্পটো এটা গুরুত্বপূর্ণ প্রকল্প হিচাপে বিবেচিত হৈছে আৰু ই সম্পূর্ণ হৈ উঠিলে ৰাজ্যৰ বিদ্যুৎ খণ্ডত এক অভূতপূর্ব পৰিবৰ্তন সূচনা হোৱাৰ সম্ভাবনা আছে ।

No comments