Breaking News

নাগৰিকত্ব সংশোধনী আইন ( কা ) বিৰোধী সমন্বয় সমিতিৰ প্ৰতিক্ৰিয়া


ডিজিটেল ডেস্ক:
  'কা’  বিৰোধী সমন্বয় সমিতিয়ে এটা বিবৃতিযোগে সমিতিৰ সভাপতি ড ° হীৰেন গোহাঁই আৰু মুখ্য  সমন্বয়ক দেৱেন তামুলীয়ে সোমবাৰে কয় যে  চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত উচ্চ | ন্যায়পালিকাৰ ওপৰত চলা আক্ৰমণৰ ঘটনা গভীৰ উদ্বেগজনক  দেশৰ আইন মন্ত্রী কিৰেণ ৰিজিজুৱে উচ্চ ন্যায় পালিকাত নিযুক্তিৰ বিষয়ত চৰকাৰী প্রতিনিধি অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ জনাই ভাৰতৰ মুখ্য ন্যায়াধীশলৈ দিয়া | চিঠি আৰু ১৯৭১ চনত উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰত দেশৰ সংবিধানৰ মৌলিক গাঁথনিক সংসদে সলনি কৰাৰ অধিকাৰ নাই বুলি দিয়া ৰায়ক উপ - ৰাষ্ট্ৰপতি জগদীপ ধনখৰে সমালোচনা কৰা কাৰ্যন্যায়পালিকাৰ স্বাধীনতা খর্ব কৰাৰ স্পষ্ট অভিপ্রায় । চৰকাৰৰ এই হস্তক্ষেপ গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে ক্ষতিকাৰক ।  এক স্বাধীন ন্যায়পালিকা হৈছে সুস্থ গণতন্ত্ৰৰ মেৰুদণ্ডস্বৰূপ ।  কাৰ্যপালিকাৰ স্বেচ্ছাচাৰিতাই ফেচিষ্ট শাসন কায়েম কৰিছে , তেনে সময়ত গণতন্ত্রপ্রেমী ৰাইজৰ ওচৰত ন্যায়পালিকাই হৈছে শেষ ভাৰসা । ' তেওঁলোকে পুনৰ কয়‘ দেশত ন্যায়াধীশ নিযুক্তিত কলেজিয়াম ব্যৱস্থাৰ প্ৰৱৰ্তনৰ মূল উদ্দেশ্যই আছিল এই প্ৰক্ৰিয়াক চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত কৰা । যোৱা শতিকাৰ ৬০ ৰ দশকৰ শেষৰ পৰা ৮০ ৰ দশকৰ শেষলৈকে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপৰ পৰিপ্ৰেক্ষিততে ১৯৯৩ চনত উচ্চতম ন্যায়ালয়ে ' দ্বিতীয় জাজ'ৰ গোচৰত দিয়া ৰায়ৰ দ্বাৰা কলেজিয়াম ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে । অনেক সীমাবদ্ধতাৰ মাজতো ক’লেজিয়াম ব্যৱস্থাই ন্যায়পালিকাৰ স্বাধীনতা অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনকৰিছে । আমি ন্যায়পালিকাৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰা আৰু কলেজিয়াম ব্যৱস্থাৰ জৰিয়তে ন্যায়াধীশ নিযুক্তি বাহাল ৰাখিবলৈ দাবী জনাইছো । ন্যায়াধীশ নিযুক্তি প্রক্রিয়াত যদি চৰকাৰ জড়িত থাকে , তেন্তে সমগ্র ন্যায় ব্যৱস্থা চৰকাৰৰ পুতলাত পৰিণত হোৱাটো , নিশ্চিত হৈ পৰিব । চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ন্যায়পালিকাৰ ওপৰত নামি অহা এই আক্রমণ সকলো গণতন্ত্রপ্রেমী ব্যক্তি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ হৈ প্রতিবাদ গঢ়ি তোলাটো আজিৰ সময়ৰ দাবী । ভাৰতৰ উপ - ৰাষ্ট্ৰপতিয়ে সংসদক ছুপ্রিম আখ্যা দি ন্যায়পালিকাই সংসদৰ লেকামবিহীন ক্ষমতাক নিয়ন্ত্ৰণত ৰখাৰ বাবে দিয়া বিখ্যাত কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়ক আক্রমণ কৰা কাৰ্যই এই কথা প্ৰমাণ কৰিছে যে শাসনাধিষ্ঠিত চৰকাৰৰ মাজত সংবিধানৰ মূল আধাৰসমূহক সলনি কৰাৰ পৰিকল্পনা চলিছে । সেয়েহে ‘ কা'বিৰোধী সমন্বয় সমিতিয়ে গণতন্ত্র আৰু সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত ইয়াৰ বিৰোধিতা কৰে ।

No comments