Breaking News

আমেৰিকাত থকা তথ্য - প্রযুক্তিৰ পেছাদাৰী হাজাৰ হাজাৰ ভাৰতীয়ৰ জীৱন সংগ্ৰাম কঠোৰ হৈ পৰিছে ।



ডিজিটেল ডেস্ক:গুগল , মাইক্র'ছফট আৰু এমাজনৰ দৰে কোম্পানীয়ে কৰ্মচাৰীক অব্যাহতি দিয়াৰ ফলত আমেৰিকাত থকা তথ্য - প্রযুক্তিৰ পেছাদাৰী হাজাৰ হাজাৰ ভাৰতীয়ৰ জীৱন সংগ্ৰাম কঠোৰ হৈ পৰিছে । কর্মহীন হোৱাৰ পাছত দেশখনত থাকিবৰ বাবে কামৰ বাবে লাভ কৰা ভিছাৰ চৰ্তসাপেক্ষ সময়ছোৱাৰ ভিতৰত নতুন কর্মসংস্থানৰ বাবে এইসকল লোকে সংগ্রাম কৰিবলগীয়া হৈছে । আমেৰিকাৰ ' বাশিংটন প'ষ্ট ' সংবাদ পত্ৰৰ মতে যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা প্ৰায় ২০০,০০০ তথ্য - প্রযুক্তিৰ কৰ্মচাৰীক ছাটাই কৰা হৈছে । উদ্যোগত থকা লোকৰ মতে ইয়াৰে ৩০-৪০ শতাংশ হৈছে ভাৰতীয় লোক । অর্থাৎ আমেৰিকাত তথা প্ৰযুক্তিৰ ৬০-৮০ হাজাৰ ভাৰতীয় পেছাদাৰী লোক যোৱা দুমাহত কর্মহীন হৈছে । এইসকল ভাৰতীয়ৰ বুজন অংশই এইচ ১ বি ভিছা আৰু এল ১ ভিছাপ্রাপ্ত । এইচ ১ বি ভিছা হৈছে এক অপমুৱা ( নন্ ইমিগ্রেন্ট ) ভিছা । এই ভিছাই আমেৰিকাৰ কোম্পানীবোৰক তাত্ত্বিক আৰু কাৰিকৰী বিশেষজ্ঞৰ প্ৰয়োজন হোৱা বিশেষ বৃত্তিত বিদেশী কৰ্মচাৰী নিয়োগৰ অনুমতি দিয়ে । প্রতিবছৰে ভাৰত , চীন আদি দেশৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰী নিয়োগৰ বাবে প্রযুক্তি কোম্পানীবোৰে এনে ভিছাব ওপৰত নিৰ্ভৰ কৰে । সাময়িক আন্তঃকোম্পানী বদলিৰ বাবে এল ১ এ ভিছা আৰু এল ১ বি ভিছা ব্যৱহাৰ হয় । এইচ ১ বি ভিছা প্রাপ্তসকলে ৬০ দিন বা দুমাহৰ ভিতৰত নতুন কর্মসংস্থান যোগাৰ কৰিব নোৱাৰিলে ভাৰতলৈ উভতি অহাৰ বাহিৰে কোনো উপায় নাথাকিব 

No comments