Breaking News

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত জিলিকিল ডিব্ৰুগড়ৰ অক্ষিতা,ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম



 ডিজিটেল ডেস্ক: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত জিলিকিল ডিব্ৰুগড়ৰ অক্ষিতা ...অসম সন্তান এঘাৰ বছৰীয়া অক্ষিতা চাংকাকতিয়ে সন্মানীয় ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে । মাত্র পাঁচ মাহৰ ভিতৰতে দুখনকৈ কিতাপ লিখি প্ৰকাশ কৰি অক্ষিতাই কম সময়ত দুখনকৈ কিতাপ প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে ৰেকৰ্ড প্রতিষ্ঠা কৰিছে । ২০২২ চনৰ জুলাই মাহত তেওঁৰ প্ৰথমখন গল্প সংকলন Mimi's Magical Adventures ৰ সফলতাৰ পিছত সেই একে বছৰৰে ১৯ ডিচেম্বৰত অক্ষিতাৰ দ্বিতীয়খন কিতাপ ' The Unbeatable Friends - The End of Evil ' প্রকাশ পায় । ইংৰাজীতে লিখা তেওঁৰ দুয়োখন কিতাপে ইতিমধ্যেই দেশ - বিদেশৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ২০২২ চনৰ ৩১ ডিচেম্বৰত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ কর্তৃপক্ষই অক্ষিতাই আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে অভিলেখ সৃষ্টি কৰা বুলি নিশ্চিত কৰে ।অক্ষিতাৰ ইতিমধ্যে প্রকাশ পোৱা দুয়োখন কিতাপ amazon আৰু flipkart ত kindle আৰু paperback এই দুয়োটা ধৰণে উপলব্ধ ।  অক্ষিতা মেঘালয়ৰ এসময়ৰ ৰাজ্যিক টেবুল টেনিচ জুনিয়ৰ শাখাৰ ৰাজ্যিক দলক প্রতিনিধিত্ব কৰা খেলুৱৈ । বৰ্তমান পুনেত কৰ্মৰত অংশু চাংকাকতি আৰু এসময়ৰ ডিব্ৰুগড়ৰ আকাশবাণী তথা দূৰদৰ্শনৰ এগৰাকী জনপ্রিয় অনুষ্ঠান পৰিৱেশিকা আৰু আকাশবাণী দিল্লীৰ বাতৰি পৰিৱেশিকা প্রার্থনা বৰদলৈৰ একমাত্র কন্যা । 

No comments