Breaking News

অসমৰ শ্ৰেয়া ভট্টাচাৰ্যই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ



ডিজিটেল ডেস্ক:
অসমৰ শ্ৰেয়া ভট্টাচাৰ্যই দেশৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ । আজি দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কলা - সংস্কৃতি শিতানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বোকাজানৰ শ্ৰেয়ালৈ স্বীকৃতি... দেশৰ আন ১১ টি শিশুৱে লাভ কৰিলে পুৰস্কাৰ দ্রৌপদী মুমুৱে ২০২৩ বৰ্ষৰ এই পুৰস্কাৰসমূহ প্ৰদান কৰে । এইবাৰ অসমৰ শ্ৰেয়াকে ধৰি দেশৰ ১১ শিশুৱে লাভ কৰিছে এই পুৰস্কাৰ । কলা আৰু সংস্কৃতি , সাহসিকতা , উদ্ভাৱন , বিদ্যায়তনিক , সমাজ সেৱা তথা ক্রীড়া এই ছটা শাখাত দেখুওৱা প্ৰতিভাৰ বাবে ৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰেৰে সম্মানিত কৰা হয় । তবলা বাদনৰ ক্ষেত্ৰত দেখুওৱা অতুলনীয় প্ৰদৰ্শনৰ বাবে অসমৰ শ্ৰেয়া ভট্টাচাৰ্যই কলা আৰু সংস্কৃতি শিতানত এইবাৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে । এই পুৰস্কাৰত এটা পদকৰ লগতে এক লাখ টকা আৰু এখন মানপত্ৰ আগবঢ়োৱা হয় । অসমৰ বোকাজানৰ ১২ বছৰীয়া শ্ৰেয়াই সুদীর্ঘ সময় তবলা বাদনেৰে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত ইতিমধ্যে নিজৰ নাম অন্তর্ভুক্ত কৰাৰ উপৰি পাৰ্মিং আৰ্টছৰ নৱম সাংস্কৃতিক অলিম্পিয়াডত সোণৰ পদক জয় কৰাৰ লগতে আন বহু সন্মান বুটলিবলৈ সক্ষম হৈছে । গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি এই পুৰস্কাৰ প্ৰদান কৰা হয় । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ এই পুৰস্কাৰ লাভ কৰা শিশুসকলৰ সৈতে মত বিনিময় কৰিব ।

No comments