Breaking News

৩৭ বিষয়াক তলব কৰিব তদন্তকাৰী বিষয়াই



 ডিজিটেল ডেস্ক
:৩৭ বিষয়াক তলব কৰিব তদন্তকাৰী বিষয়াই... বৰ্তমানৰ পূব গুৱাহাটী জিলাৰ ডি চি পি সুৰজিৎ সিং পানেছাৰে...সাংবাদিকৰ আগত এই ইংগিত দিছে। সাংবাদিকৰ প্রশ্নৰ উত্তৰত তদন্তকাৰী বিষয়াগৰাকীয়ে কয় যে ন্যায়িক আয়োগে দাখিল কৰা ২০১৩ চনৰ এ পি এছ চিৰ নিযুক্তি কেলেংকাৰী সংক্রান্তীয় প্রতিবেদনত কেতবোৰ দিশ আঙুলিয়াই দিছে । আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে এখন কমিটী গঠন কৰি মতামত গ্ৰহণ কৰিছে ।  চৰকাৰে এই কেলেংকাৰীৰ বিতং তদন্তৰ নিৰ্দেশ দিছে ।  তদন্তকাৰী বিষয়া পানেছাৰে আনুষ্ঠানিকভাৱে ব্যক্ত নকৰিলেও এই কথা স্পষ্ট যে ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অনুসন্ধান আগবঢ়াবলৈ হ'লে তদন্তৰ প্ৰতিবেদনত অভিযুক্ত কৰা বৰ্তমানৰ ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াকো জেৰা কৰিব লাগিব । সুৰজিৎ সিং পানেছাৰে অহা ২৮ জানুৱাৰীত জেৰাৰ বাবে তলব কৰিছে ২০১৩ , ২০১৪ বৰ্ষত এ পি এছ চিৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক হিচাপে দায়িত্ব পালন কৰা ৰাকেশ পালৰ ঘনিষ্ঠ সহযোগী অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া এ নন্দবাবু সিঙক । নন্দবাবু সিঙৰ জেৰাৰ পিচত তদন্তকাৰী বিষয়াগৰাকীয়ে পৰৱৰ্তী পদক্ষেপ ল'ব । 

No comments