Breaking News

পশ্চিমবংগৰ প্ৰেছিডেন্সি বিশ্ববিদ্যালয়ত সৰস্বতী পূজাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়

 


ডিজিটেল ডেস্ক:
পশ্চিমবংগৰ প্ৰেছিডেন্সি বিশ্ববিদ্যালয়ৰ ২০০ বছৰীয়া পৰিক্ৰমাত সৰস্বতী পূজাক লৈ এক অসাধাৰণ পৰিস্থিতিৰ সৃষ্টি  হয়। কলেজৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈ উত্তৰণৰ সময়খিনিত শিক্ষানুষ্ঠানখনৰ  প্ৰাংগণত সৰস্বতী পূজা উদ্‌যাপন কৰা হোৱা নাই। কিন্তু এইবাৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত পূজা উদযাপনৰ বাবে বদ্ধপৰিকৰ শাসনাধিষ্ঠিত দলৰ ছাত্র সংগঠন তৃণমূল ছাত্ৰ পৰিষদ। এই ছাত্ৰ পৰিষদৰ ফালৰ পৰা এই লৈ বাৰম্বাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচৰা হৈছে যদিও কৰ্তৃপক্ষই অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ধৰ্মনিৰপেক্ষ নীতিৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনে পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা নাই। তদুপৰি , ছাত্ৰ পৰিষদে যিকোনো পৰিস্থিতিত হ'লেও পূজা পাতিব বুলি দাবী  কৰিছে। প্ৰেছিডেন্সি তৃণমূল ছাত্ৰ পৰিষদ গোটৰ সভাপতি অৰিত্ৰ মণ্ডলে  প্ৰকাশ কৰিছে যে প্রয়োজন হ'লে মূল গেটৰ সন্মুখত পূজা পতা হ'ব বুলি। আৰু পূজা পতাক লৈ কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি  হ'লে, তাৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষ জগৰীয়া হ'ব বুলি সকীয়াই দিছে। কৰ্তৃপক্ষৰ পৰা আশানুৰূপ সহযোগ নাপাই ছাত্ৰ সংগঠনটোৱে সামাজিক মাধ্যমত পূজাৰ সপক্ষে মত আদায়ৰ উদ্দেশ্যে ভোটগ্রহণ কৰে। ভোটগ্রহণত বিশ্ববিদ্যালয়ৰ বাহিৰৰ শিক্ষাৰ্থীয়ে মতামত দিছে। ছাত্র সংগঠনটোৱে দাবী কৰা অনুসৰি ভোটগ্রহণত গৰিষ্ঠ সংখ্যকে সৰস্বতী পূজা সমাপন হোৱাত সমৰ্থন কৰিছে।ছাত্র সংগঠনটোৰ ৰাজ্যিক সম্পাদক সুপ্রিয় চন্দ্রই সামাজিক মাধ্যমত ওলোটা মন্তব্য কৰিছে। টুইটাৰ আৰু ফেচবুকত ৰবীন্দ্ৰনাথ ঠাকুৰৰ মন্তব্যৰ উদ্ধৃতি দি তেওঁ লিখিছে— 'হঠাৎ ইয়াত প্রতিমা পূজা কৰাৰ বাবে জেদ কৰাটো অশোভনীয়।

No comments